ইন্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী মিত্ৰজোঁটৰ দল । ইমৰাণৰ খান চৰকাৰৰ পৰা মুক্তি পোৱাৰ কথা নিশ্চিত হৈ পৰিছে PDMৰ । বিৰেধী পক্ষৰ আন্দোলনে কেৱল ইমৰাণ খান নেতৃত্বাধীন চৰকাৰখনত প্ৰভাৱ পৰাৰ উপৰিও তেওঁৰ দলৰ সমৰ্থকসকলৰ ওপৰতো প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে পাকিস্তান ডেমক্ৰেটিক মুভমেন্ট চমুকৈ PDMৰ প্ৰধান মৌলানা ফজলুৰ ৰহমানে ।
ৰাৱলপিণ্ডিত অনুষ্ঠিত PDMৰ এক বৈঠকত PDMৰ প্ৰধান ৰহমানে ইমাৰাণ খানক পদত্যাগৰ দাবী জনায় । যদিহে এই দাবী ইমাৰাণ খানে গ্ৰহণ নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে PDMৰ নেতৃত্বত ইছলামাবাদত এক বৃহৎ ৰেলীৰ হুংকাৰ দিয়ে ।
লগতে আগন্তুক উপ-নিৰ্বাচনত বিৰোধী PDMএ প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু চিনেট নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা এই মূহূৰ্তলৈ স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে নেতাগৰাকীয়ে । পূৰ্বৰ তুলনাত PDM শক্তিশালী হৈ উঠিছে । ইমৰাণ নেতৃত্বাধীন চৰকাৰখনৰ পৰা মুক্তি পোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে । বিৰোধী সাংসদসকলৰ পদত্যাগ মিত্ৰদলৰ তৰফৰ পৰা ইতিমধ্যে ৩১ ডিচেম্বৰত দলৰ নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে ।