ইন্টাৰনেশ্যনেল, 20 ফেব্ৰুৱাৰীঃ জাপানৰ কতৃপক্ষৰ পৰা স্পষ্টীকৰণ পোৱাৰ পাছতে বুধবাৰে জাপানৰ Cruise Ship খনৰ পৰা 100 জন লোকক মুকলি কৰি দিয়া হৈছে ৷ দৰাচলতে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত আবদ্ধ কৰি ৰখা হৈছিল লোককেইজনক ৷ আটাইকেইজন লোকক নিজ গন্তব্যস্থানলৈ পঠিয়াবলৈ ট্ৰেইন ষ্টেচন আৰু বিমান বন্দৰলৈ তেওঁলোকক হালধীয়া বাছত লৈ যোৱা হৈছিল ৷ লগতে বাছৰ চালকসমূহক প্লাষ্টিকৰ চাদৰ আৰু টেপেৰে বান্ধি দিয়া হৈছিল ৷
আনহাতে "ডায়মণ্ড প্ৰিন্সেচ"জাহাজখনত পুনৰ 79 জন ৰোগী এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে কতৃপক্ষই ৷ চীনৰ পাছতে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা "ডায়মণ্ড প্ৰিন্সেচ" ত আটাইতকৈ বেছি ৷ জাহাজখনত থকা ৰোগীৰ সংখ্যা বৰ্তমান 621 জনবুলি জানিব পৰা গৈছে ৷ চীনত ইতিমধ্যে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ 2000 তকৈ বেছি লোক নিহত হৈছে ৷ বৰ্তমানলৈ এই ৰোগত 28 খন দেশ আক্ৰান্ত হোৱাৰ লগতে ইৰানত দুজন লোক নিহত হৈছে ৷