ইণ্টাৰনেশ্যনেল ডেস্ক , 4 অক্টোবৰ : বিশ্বৰ 35 গৰাকীকৈ বৰ্তমানৰ আৰু প্ৰাক্তন নেতাৰ লগতে 91 খন দেশ আৰু প্ৰদেশৰ 330 গৰাকীতকৈও অধিক ৰাজনীতিবিদ আৰু বিষয়াৰ বিত্তীয় ৰহস্য উন্মোচন কৰি ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট(International Consortium of Investigative Journalists) য়ে শেহতীয়াকৈ প্ৰকাশ কৰা পাণ্ডোৰা পেপাৰছে(Pandora Papers) সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
শেহতীয়াকৈ মুকলি কৰা পাণ্ডোৰা পেপাৰছে বিশ্বৰ বিশিষ্ট নেতা, ৰাজনীতিবিদ আৰু বিলিয়নেৰীসকলৰ অজ্ঞাত offshore বিত্তীয় লেনদেনৰ তথ্য প্ৰকাশ কৰিছে ৷ ৬০০ জনীয়া অনুসন্ধানকাৰী সাংবাদিকৰ(investigative journalists) এটা দলে দেওবাৰে প্ৰকাশ কৰা এই তথ্যই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন(Russian President Vladimir Putin), জৰ্ডানৰ কিঙ আব্দুল্লাহ II (King Abdullah II of Jordan) আৰু অন্যান্য বহু হাই-প্ৰফাইল ব্যক্তিকে ধৰি বিশ্বৰ কেইবাজনো নেতা tax haven schemes সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক :গৰুখুটি কাণ্ড : Gulf Country ত চলিছে ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰ
ICIJ(ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা non-profit গ্ৰুপ ৷ এই গ্ৰুপটো হৈছে সাংবাদিক আৰু মিডিয়া সংগঠনৰ এক বিশ্বব্যাপী নেটৱৰ্ক, যিয়ে ১০০ খনতকৈও অধিক দেশ আৰু অঞ্চলৰ অনুসন্ধানকাৰী সাংবাদিকক সামৰি লৈছে ৷ এই গ্ৰুপৰ অনুসন্ধানৰ জড়িয়তে প্ৰকাশ কৰা ব্যক্তিগত বিত্তীয় ৰেকৰ্ডৰ বৃহৎ ভাণ্ডাৰকে 'পাণ্ডোৰা পেপাৰছ' বুলি অভিহিত কৰা হৈছে ৷ এই অনুসন্ধানটোত ১১৭ খন দেশৰ ৬০০ তকৈও অধিক সাংবাদিক জড়িত থকাৰ লগতে পৃথিৱীৰ প্ৰতিটো কোণ সামৰি ১১.৯ নিযুততকৈও অধিক লিক হোৱা ফাইল আছে ৷