অসম

assam

ETV Bharat / international

99গৰাকী যাত্ৰীসহ পাকিস্তানত ভূ-পতিত বিমান - ইমৰান খান

শুকুৰবাৰে দিনৰ ভাগত পাকিস্তানত সংঘটিত হয় এক শোকাৱহ বিমান দূৰ্ঘটনা ৷ কৰাচীৰ জিন্নাহ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ পূৰ্বে দূৰ্ঘটনাত পতিত হয় পাকিস্তানৰ চৰকাৰী বিমান পৰিৱহনকাৰী সংস্থা পাকিস্তান ইন্টাৰনেশ্বনেল এয়াৰলাইনছৰ ক্ৰমিক সংখ্যা PK303 পঞ্জীয়নভুক্ত এখন এয়াৰবাছ320 বিমান দূৰ্ঘটনাত পতিত হয় ৷ বিমানখনৰ ভিতৰত 100 গৰাকীৰো অধিক যাত্ৰী আছিল আৰু আটাইকেইগৰাকী যাত্ৰীৰে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷

99গৰাকী যাত্ৰীসহ পাকিস্তানত ভূ-পতিত বিমান
99গৰাকী যাত্ৰীসহ পাকিস্তানত ভূ-পতিত বিমান

By

Published : May 22, 2020, 10:46 PM IST

নিউজ ডেস্ক, 22 মে' : এক শোকাৱহ বিমান দূৰ্ঘটনাই জোকাৰি যায় সমগ্ৰ পাকিস্তানক ৷ শুকুৰবাৰে দিনৰ ভাগত পাকিস্তানৰ জিন্নাহ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত দূৰ্ঘটনাগ্ৰস্থ হয় এখন যাত্ৰীবাহী বিমান ৷ পাকিস্তানৰ চৰকাৰী বিমান পৰিৱহনকাৰী সংস্থা পাকিস্তান ইন্টাৰনেশ্বনেল এয়াৰলাইনছৰ এখন এয়াৰবাছ320 বিমান দূৰ্ঘটনাত পতিত হয় ৷

দূৰ্ঘটনাত পতিত হোৱা বিমানখনৰ ধ্বংসাৱশেষ

PK303 পঞ্জীয়নভুক্ত বিমানখনত বিমানকৰ্মীকে ধৰি সৰ্বমুঠ 107 গৰাকী যাত্ৰী আছিল আৰু আটাইকেইগৰাকী যাত্ৰীয়ে নিহত হোৱা বুলি পাকিস্তান চৰকাৰে প্ৰকাশ কৰিছে ৷

দূৰ্ঘটনাস্থলীৰ দৃশ্য

দূৰ্ঘটনাটোৰ ফলত ছটা অট্টালিকাৰ বিস্তৰ ক্ষতিসাধন হয় ৷ কৰাচীৰ জিন্নাহ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বুলি লাহোৰৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনে অৱতৰণৰ পূৰ্বেই এইদৰে দূৰ্ঘটনাত পতিত হয় ৷ দূৰ্ঘটনাৰ পিচতে, সমগ্ৰ অঞ্চলটোত পাকিস্তানী সেনা আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান চলায় ৷

বিমানখনত 99 গৰাকী যাত্ৰী আৰু 8 গৰাকী বিমানকৰ্মী আছিল বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনাটোৰ ফলত আন চাৰিগৰাকী সাধাৰণ লোক নিহত হোৱাৰ তথ্যও জানিব পৰা গৈছে ৷ বিমান দূৰ্ঘটনাৰ পিচতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোকপ্ৰকাশ কৰি টুইট কৰিছে ৷

ইমৰান খানে দূৰ্ঘটনাত শোকপ্ৰকাশ কৰাৰ লগতে নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৷ আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷

বিমানখনৰ ওপৰত সকলো পৰীক্ষণ সম্পন্ন কৰি তাৰ ফিটনেছ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল 2019 চনৰ 1 নৱেম্বৰত ৷ বিগত 28 এপ্ৰিলত বিমানখনৰ বাবে আন এখন প্ৰমাণপত্ৰও জাৰী কৰিছিল পাকিস্তান ইন্টাৰনেশ্বনেল এয়াৰলাইনছৰ অভিযন্তাই ৷ 2004 চনৰ পৰা চীনে ব্যৱহাৰ কৰি থকা বিমানখন পাকিস্তানে 2014 চনত ক্ৰয় কৰিছিল ৷ GE Capital Aviation Servicesৰ পৰা পাকিস্তানৰ চৰকাৰী বিমান পৰিৱহনকাৰী সংস্থাটোৱে ভাড়াত লৈছিল দূৰ্ঘটনাগ্ৰস্থ বিমানখন ৷ ইতিমধ্যে দূঘটনা সন্দৰ্ভত পাকিস্তান চৰকাৰে তদন্তৰ নিৰ্দেশ জাৰী কৰিছে ৷

ABOUT THE AUTHOR

...view details