ইণ্টাৰনেশ্যনেল ডেস্ক,৭ জুলাই :আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি হোৱাৰ লগে লগে পাকিস্তানৰ বিভিন্ন দল সংগঠনে এতিয়া প্ৰধানমন্ত্ৰী ইমৰান খানকো (Prime Minister Imran Khan) সমালোচনা কৰা দেখা গৈছে । পাকিস্তান পিপল পাৰ্টিয়ে(Pakistan People Party) প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰক সমালোচনা কৰি কয় যে আফগান শান্তিত ইছলামাবাদৰ সৰ্বাধিক অংশ আছে, কিন্তু ই 'ৰাডাৰলেছ'(rudderless) যেন লাগিছে । পাকিস্তান পিপল পাৰ্টিৰ উপ-সভাপতি চিনেটৰ (PPP vice president Senator) শ্বেৰী ৰেহমানে মঙলবাৰে কয় যে আফগানিস্তানৰ পৰিস্থিতিয়ে পাকিস্তানক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে । তেওঁ লগতে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ইমৰান খানে আহিবলগীয়া সংকটৰ মোকাবিলা কৰিবলৈ একো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই ।
প্ৰধানমন্ত্ৰী খানক লক্ষ্য কৰি ৰেহমানে কয় যে বৈদেশিক নীতি কোনো ব্যক্তিৰ মুড-চুইং বিবৃতি(mood-swing statements) বা ব্যক্তিগত পছন্দ বা অপছন্দৰ ওপৰত নিৰ্দেশিত কৰিব নোৱাৰি । ডাঙৰ সিদ্ধান্তবোৰৰ বাবে ডাঙৰ নেতাৰ প্ৰয়োজন যিয়ে তেওঁলোকৰ অহংকাৰ কেৱল ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰিব আৰু প্ৰতিষ্ঠানগত বাণিজ্য শিল্পৰ সৈতে জড়িত কৰিব পাৰে । সেই সকল নেতাৰ উদ্দেশ্যে কেৱল টুইট আৰু টিভিৰ সন্মুখত বক্তব্য ৰখাটোৱে হ'ব নালাগে বুলিও উল্লেখ কৰে ৰেহমানে ।
যুদ্ধ বা শান্তিৰ ক্ষেত্ৰত এখন দেশক এনে এজন নেতাৰ প্ৰয়োজন যি সংকট নিয়ন্ত্ৰণ কৰিবলৈ বা উন্নয়নৰ বাবে নতুন উপায় উলিয়াবলৈ সংসদত সংযম আৰু বৌদ্ধিক অখণ্ডতাৰে কথা পাতিব পাৰে । এই মূহুৰ্তত পাকিস্তান কঠোৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে যেন লাগিছে ৷ প্ৰধানমন্ত্ৰীয়ে কেৱল তেওঁৰ কাৰ্যালয়ত বহি এটা চৰম পৰিস্থিতিৰ অহালৈ বাট চাই আছে বুলিও উল্লেখ কৰে নেতাজনে ।