অসম

assam

ETV Bharat / international

কাৰাগাৰত বন্দী বাবা জানক মুকলি কৰি দিলে পাক চৰকাৰে - বাবা জানক মুকলি কৰি দিলে পাক চৰকাৰে

মানৱ অধিকাৰ উলংঘনৰ বাবে বিভিন্ন আন্তৰ্জাতিক সংগঠনে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰাৰ পাছত পাক অধ্যুষিত অঞ্চলৰ লোকৰ ওচৰত শিৰণত কৰিবলৈ বাধ্য হয় ইমৰাণ খান নেতৃত্বাধীন চৰকাৰে ।

Pakistan releases political activist Baba Jan after unlawful imprisonment
কাৰাগাৰত বন্দী বাবা জানক মুকলি কৰি দিলে পাক চৰকাৰে

By

Published : Nov 28, 2020, 12:52 PM IST

নিউজ ডেস্ক, 28 নৱেম্বৰ :পাকিস্তানে প্ৰায় এক দশক বেআইনীভাবে কাৰাগাৰত বন্দী কৰি ৰখাৰ পাছত শুকুৰবাৰে গিলজিত বালতিস্তানৰ ৰাজনৈতিক কৰ্মী বাবা জানক মুকলি কৰি দিয়ে । হুঞ্জাৰ নাছিৰাবাদ উপত্যকাত চীনা কোম্পানীসমূহে মাৰ্বল খনিত অবৈধভাৱে খননৰ বিষয়টো উত্থাপন কৰাৰ বাবে বাবা জানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । কিন্তু ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ বিভিন্ন অন্যান্য মঞ্চই বাবা জানৰ মুক্তিৰ বাবে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰে । গিলজিত বালতিস্তানক সাধাৰণ লোকক দমন কৰিবলৈ উপনিবেশ হিচাপে ব্যৱহাৰ কৰা পাকিস্তানৰ বাবে ই এক পৰাজয় আছিল ৷ বাবা জানৰ ৰেহাইৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলে অক্টোবৰত আইনখনৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাত আন্দোলনে অধিক তীব্ৰতা লাভ কৰে ৷ প্ৰতিবাদকাৰীসকলে উক্ত অঞ্চলটো পাকিস্তানৰ অংশ নহয়,সেয়ে এই আইন অঞ্চলটোত প্ৰযোজ্য নহয় বুলি দাবী কৰি অবৈধভাবে কাৰাগাৰত আবদ্ধ ৰাজনৈতিক কাৰাগাৰবন্দীসকলক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰাত পাকিস্তানে ৰাজনৈতিক কৰ্মীজনক মুকলি কৰি দিবলৈ বাধ্য হয় ৷

এজন স্থানীয় সমাজ কৰ্মী তথা নেতা বাবা জানক ট্ৰাম্প-আপৰ অভিযোগত নব্বৈ বছৰৰ কাৰাবাস দিয়া হৈছিল । আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি,হুঞ্জাৰ আন এজন যুৱ কৰ্মী ইফতেখৰ হুছেইনকো 9 বছৰ কাৰাগাৰত থকাৰ পাছত ঘাহকুছ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে । পাকিস্তানৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি,ৰাজনৈতিক কাৰাবন্দীসকলৰ মুক্তিৰ এমাহ আগতে হুঞ্জাত প্ৰতিবাদকাৰীসকলৰ মাজত এখন চুক্তি হৈছিল ।

চৰকাৰৰ অকৰ্মাণ্যতাৰ বিৰুদ্ধে গণ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে সন্ত্ৰাসবাদ নিবাৰক আদালতে 2011 চনৰ আগষ্টত বাবা জান আৰু হুঞ্জাৰ আন দুজন যুৱ কৰ্মী আমিৰ খান আৰু ইফতেখৰ হুছেইনক দোষী সাব্যস্ত কৰিছিল । গিলজিত বালতিস্তানৰ ৰাজনৈতিক কৰ্মীসকলে এই সন্দৰ্ভত কেইবাবাৰো ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন আন্তৰ্জাতিক মঞ্চত বাবা জান আৰু অন্যান্য ৰাজনৈতিক কৰ্মীসকলৰ বিষয়টো উত্থাপন কৰে যদিও ইছলামাবাদে সন্ত্ৰাসবাদ প্ৰতিৰোধ আইনৰ অনুসূচী-4ৰ অধীনত লোকসকলক দমন কৰি আহিছিল ।

লগতে পঢ়ক: অধিক শীতল ক’ভিড-19ৰ ভেকচিনৰ উচ্চ সংৰক্ষণ ব্যয়ৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য় সংস্থাৰ মন্তব্য

ABOUT THE AUTHOR

...view details