অসম

assam

ETV Bharat / international

100 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি পাকিস্তানৰ

বিগত ডেৰ বছৰে পাকিস্তানৰ কাৰাচী জেলত কাৰাবন্দী হৈ থকা মাছমৰীয়াসকলক পাকিস্তানে মুকলি কৰি দিয়াৰ পাচতে গৃহভূমিত উপস্থিত মাছমৰীয়াসকল

100 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি পাকিস্তানৰ

By

Published : Apr 12, 2019, 11:16 AM IST

নিউজ ডেস্ক, 12 এপ্ৰিল : পাকিস্তানত বিগত 1টা বছৰে কাৰাবন্দী হৈ থকা 100 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি প্ৰদান পাকিস্তানৰ ৷ এসপ্তাহ পূৰ্বে আত্ৰি-ৱাগাহ সীমান্তত ভাৰতীয় মাছমৰীয়া কেইগৰাকীক মুকলি কৰি দিয়াৰ পাচতে বৃহস্পতিবাৰে মাছমৰীয়াকেইগৰাকী উপস্থিত হয় গুজৰাটৰ বদোদৰাত ৷ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমা পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ অপৰাধতে ৰাজ্যখনৰ বেৰাবেলৰ মাছমৰীয়াকেইগৰাকীক পাকিস্তানী সেনাই আটক কৰি কাৰাবন্দী কৰি ৰাখিছিল ৷

বিগত ডেৰ বছৰে পাকিস্তানৰ কাৰাচী জেলত কাৰাবন্দী মাছমৰীয়া সকলক 8 এপ্ৰিলত মুকলি কৰি দিছিল পাকিস্তানে ৷ ইপিনে গৃহভূমিত উপস্থিত হৈ দুৰ্ভাগ্যক্ৰমে মাছ ধৰিবলৈ গৈ অজানিতে সাগৰীয় সীমা পাৰ কৰি পাকিস্তানৰ হাতত কাৰাবন্দী হ'বলগা হোৱাৰ কথা উল্লেখ একাংশ মাছমৰীয়াৰ ৷

ABOUT THE AUTHOR

...view details