অসম

assam

ETV Bharat / international

অৰ্থনৈতিক দুৰাৱস্থা : প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ দিয়া হ’ল ভাড়ালৈ - PM House

পাকিস্তানৰ প্ৰধানমন্ত্ৰী (PM of Pakistan) ইমৰাণ খান (Imran Khan)ৰ চৰকাৰী বাসভৱন ভাড়ালৈ দিয়াৰ সিদ্ধান্ত পাকিস্তান চৰকাৰ (Pakistan Govt)ৰ ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহটো এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছিল পিটিআই (PTI) চৰকাৰে ।

Pakistan Prime Minister's official house put on rent
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ভাড়াত ৰখাৰ সিদ্ধান্ত

By

Published : Aug 4, 2021, 2:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 আগষ্ট : দেশৰ অৰ্থনৈতিক সংকটৰ বাবে পাকিস্তান চৰকাৰে (Pakistan Govt) প্ৰধানমন্ত্ৰী (PM of Pakistan) ইমৰাণ খান (Imran Khan)ৰ চৰকাৰী বাসগৃহ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পূৰ্বে পিটিআই (PTI) চৰকাৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহটো এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছিল ।

অৱশ্যে সেই পৰিকল্পনা এতিয়া প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো ভাড়ালৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ সূত্ৰই জনোৱা মতে, 2019 চনৰ আগষ্ট মাহত পাকিস্তান চৰকাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো এখন অত্যাধুনিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰাৰ পাচতে ইমৰাণ খানে ইছলামাবাদত থকা তেওঁৰ চৰকাৰী বাসভৱন খালি কৰি দিছিল ।

লগতে পঢ়ক :মন্ত্ৰী কুৰেছিৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছে: পাকিস্তান চৰকাৰ

কিন্তু দেশৰ বিত্তীয় সংকটৰ বাবে ফেডাৰেল চৰকাৰে ইছলামাবাদৰ ৰেড জ’নত অৱস্থিত চৌহদত সাংস্কৃতিক, ফেশ্বন, শৈক্ষিক আৰু অন্যান্য অনুষ্ঠান অনুষ্ঠিত কৰিব বিচৰা লোকসকলক বাসগৃহটো ভাড়ালৈ দিব বুলি জানিব পৰা গৈছে ৷

এই উদ্দেশ্যেৰে দুখনকৈ সমিতি গঠন কৰিছে পাক চৰকাৰে ৷ অনুষ্ঠান চলি থকাৰ সময়ত পিএম হাউচ (PM House)ৰ অনুশাসন আৰু শালীনতা উলংঘন নকৰাতো নিশ্চিত কৰাৰ বাবে দায়বদ্ধ হ’ব এই সমিতি দুখন ৷ লগতে ফেডাৰেল কেবিনেটে পিএম হাউচ ভৱনৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক বৈঠকৰ আয়োজন কৰিব ৷

লগতে পঢ়ক :আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

ABOUT THE AUTHOR

...view details