ইণ্টাৰনেশ্যনেল ডেস্ক,৪ছেপ্টেম্বৰ: লেফটেনেণ্ট জেনেৰেল আছিম ছালেম বাজৱাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানলৈ । বিশেষ সহায়ক পদৰ পৰা অব্যাহতি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বাজৱাই । বৃহস্পতিবাৰে টুইটযোগে আছিম ছালেম বাজৱাই এই কথা ঘোষণা কৰে ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰে ভ্ৰষ্টাচাৰৰ বিষয়ত বাদ-বিবাদ হোৱাৰ পিছতে এইকথা ঘোষণা কৰে বিশেষ সহায়কগৰাকীয়ে । তথ্য আৰু প্ৰচাৰৰ দিশ নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিশেষ সহায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰা আছিম ছালেম বাজৱাই দায়িত্বভাৰ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰতো এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ।
তেওঁ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাব বুলি মন্তব্য কৰিছে । আনহাতে বিশেষ সহায়কৰ পদৰ পৰা অব্যাহতি ল'লেও চীন-পাকিস্তান ব্যৱসায়িক ক'ৰিডৰ প্ৰাধিকৰণৰ অধ্যক্ষৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলি প্ৰকাশ কৰিছে । তেওঁৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধভাৱে সম্পত্তি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে । বিশ্বৰ ৪খন দেশত বাজৱা, তেওঁৰ পত্নী আৰু ভাতৃৰ নামত ৯৯টা কোম্পানী আছে । ৩৯মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ ১৩৩খন ৰেষ্টোৰা আছে । ৪ পৃষ্ঠাৰ বিবৃত্তিত বাজৱাই প্ৰকাশ কৰিছে যে, তেওঁ আৰু পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ৷ প্ৰধানমন্ত্ৰীয়ে এনে অভিযোগ কৰি তেওঁৰ ভাৱমূৰ্তিত আঘাত হানিছে বুলিও মন্তব্য কৰে ।
লগতে পঢ়ক :পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি, প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই