অসম

assam

ETV Bharat / international

এয়াৰ ষ্ট্ৰাইকৰ তথ্য ভাইৰেল হৈ পৰা সম্পৰ্কত প্ৰতিক্ৰিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

বালাকোট এয়াৰ ষ্ট্ৰাইক সম্পৰ্কীয় তথ্য ভাইৰেল হৈ পৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৷ টুইটাৰৰ জৰিয়তে মোডী চৰকাৰক সমালোচনা খানৰ ৷

প্ৰধানমন্ত্ৰী ইমৰাণ খান
প্ৰধানমন্ত্ৰী ইমৰাণ খান

By

Published : Jan 19, 2021, 11:32 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক,19 জানুৱাৰী : 2019 চনত পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি ভাৰতে সংঘটিত কৰা এয়াৰ ছাৰ্জিকেল ষ্ট্ৰাইক সম্পৰ্কত ভাৰতৰ ইণ্ডিয়া টিভিৰ ধাৰাভাষ্যকাৰ আৰু সংবাদ মাধ্যমৰ এজন প্ৰাক্তন কাৰ্যনিৰ্বাহকৰ মাজৰ মেছেজ ভাইৰেল হোৱাৰ পাচতে ক্ৰোধাম্বিত হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ এই দুজন ব্যক্তিৰ মাজৰ মেছেজসমূহত উল্লেখ কৰা হৈছিল যে, প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে পুনৰ গাডী দখলৰ বাবে পাকিস্তানৰ মাটিত এক ষ্ট্ৰাইক কৰিব ৷

ইণ্ডিয়া টিভিৰ ধাৰাভাষ্যকাৰ অৰ্ণৱ গোস্বামী আৰু এটা টিভি ৰেটিং কোম্পানীৰ প্ৰাক্তন মুৰব্বী পাৰ্থ দাসগুপ্তাই হোৱাটছ এপত কৰা বাৰ্তালাপ ভাইৰেল হৈ পৰাৰ পাচতে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া আগবঢ়ায় ইমৰান খানে ৷

এয়াৰ ষ্ট্ৰাইকৰ তিনিদিন পূৰ্বে এই হোৱাটছ এপ বাৰ্তালাপ হৈছিল গোস্বামী আৰু পাৰ্থ দাসগুপ্তাৰ মাজত ৷ এই বাৰ্তালাপত সংসদীয় নিৰ্বাচনৰ বাবে পুনৰবাৰ নিৰ্বাচিত হ'বৰ বাবে সমৰ্থন বৃদ্ধি কৰিবলৈ এয়াৰ ষ্ট্ৰাইকৰ পৰিকল্পনা কৰিছিল বুলি দুয়োগৰাকীয়ে কথা পাতিছিল ৷

ইণ্ডিয়ান ৰিপাব্লিক টিভিৰ অধিকাৰী তথা এডিটৰ ইন চীফ গোস্বামীক মোডী আৰু তেওঁৰ নীতিৰ সমৰ্থনকাৰী হিচাপে সততে জনা যায় ৷

2019 চনৰ 26 ফেব্ৰুৱাৰীৰ এয়াৰ ষ্ট্ৰাইকৰ তিনিদিন পূৰ্বে গোস্বামীয়ে হোৱাটছ এপৰ জৰিয়তে কৈছিল, "কিবা ভয়াবহ হ'বলৈ গৈ আছে" আৰু "চৰকাৰে পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰিব যাৰ ফলত ভাৰতীয় লোক গৰ্বিত হৈ পৰিব ৷"

ইয়াৰ পাচতে দাসগুপ্তাই গোস্বামীক কয় যে, আগন্তুক সাধাৰণ নিৰ্বাচনত মোডীয়ে গৰিষ্ঠসংখ্যক ভোটত জয় লাভ কৰিব ৷ ইয়াৰ কিছু মাহৰ পাচতে অৰ্থাৎ 2019 চনৰ মে' মাহত মোডীয়ে বিশাল বিজয় সাব্যস্ত কৰে ৷

অন্য এক গোচৰ সম্পৰ্কত মুম্বাই আৰক্ষীয়ে তদন্ত কৰি থকাৰ মাজতে পোহৰলৈ আহে গোস্বামী সম্পৰ্কত শেহতীয়া তথ্য ৷

এই সম্পৰ্কত দাসগুপ্তা আৰু গোস্বামীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই ৷ কিন্তু গোস্বামীৰ ৰিপাব্লিক টিভিয়ে এক বিবৃতি প্ৰদান কৰি অভিযোগ কৰিছে যে, গোস্বামীৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে অভিসন্ধি ৰচনা কৰিছে ৷

উল্লেখ্য যে, পুলৱামাত জইছ-ই-মহম্মদৰ আক্ৰমণত 40 জন ভাৰতীয় সেনাই প্ৰাণ হেৰুওৱাৰ পাচতে ভাৰতে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি এয়াৰ ষ্ট্ৰাইক কৰিছিল ৷

মোডী চৰকাৰে পাকিস্তানৰ বালাকোটত নিশাৰ ভিতৰত এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰি এক সন্ত্ৰাসবাদী ছাউনীত আক্ৰমণ কৰা বুলি দাবী কৰিছিল ৷ আনহাতে, পাকিস্তানে দাবী কৰিছিল যে, ভাৰতৰ যুদ্ধ বিমানে এখন জংঘলত বোমা নিক্ষেপ কৰাৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাছিল ৷

ইয়াৰ পাচতে পাকিস্তানে ভাৰতৰ এখন যুদ্ধ বিমান প্ৰতিহত কৰি এজন উইং কমাণ্ডাৰক বন্দী কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত চুবুৰীয়া দেশসমূহৰ হেঁচাত তেওঁক মুকলি কৰি দিবলৈ বাধ্য হৈছিল ৷

খানে 2019 চনত ৰাষ্ট্ৰসংঘত এক ভাষণত অভিযোগ কৰিছিল যে, এই এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে মোডীয়ে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে ৷

সোমবাৰে বহুকেইটা টুইটৰ জৰিয়তে ইমৰাণ খানে বিশ্ববাসীক অনুৰোধ জনাই যে, "ভাৰতক এনে কাৰ্যৰ পৰা আঁতৰত ৰাখিব লাগে ৷"

উল্লেখ্য যে, অৰ্ণৱ গোস্বামীৰ শেহতীয়া বিতৰ্কৰ পাচতে ভাৰতৰ বিৰোধী দলে সমালোচনা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ পৰা এই সম্পৰ্কত উত্তৰ বিচাৰিছে ৷

বিৰোধী দল কংগ্ৰেছে মন্তব্য কৰে যে, দুজন ব্যক্তিৰ মাজত এনে ধৰণৰ বাৰ্তালাপে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাত প্ৰশ্ন উত্থাপন কৰিছে ৷ কংগ্ৰেছে সোমবাৰে টুইটাৰৰ জৰিয়তে কয়, "(মোডীৰ ভাৰতীয় জনতা পাৰ্টী) চৰকাৰে এজন তথাকথিত সাংবাদিকক ৰাষ্ট্ৰীয় সুৰক্ষাৰ তথ্য প্ৰদান কৰি দেশক ঠগিছে ৷"

কংগ্ৰেছ দলৰ নেতা শশী থাৰুৰে দেওবাৰে কয়, "ব্যৱসায়ৰ বাবে এটা টিভি চেনেলক মিলিটাৰীৰ গোপনীয় তথ্য প্ৰদান কৰা বিষয়টোৰ জৰুৰী তদন্ত হ'ব লাগে ৷"

লগতে পঢ়ক :বিশ্ব ভাৰতীয়ে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী অৰ্মত্য সেনৰ

ABOUT THE AUTHOR

...view details