অসম

assam

ETV Bharat / international

অস্তিত্বৰ সংকটত পাক অধিকৃত কাশ্মীৰ : অধ্যয়ন

অস্তিত্বৰ সংকটত ভুগিছে পাক অধিকৃত কাশ্মীৰ ৷ 'ইনষ্টিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছ'ৰ তিনিজন গৱেষকৰ এক গৱেষণা পত্ৰত এই তথ্য লাভ কৰা হৈছে ৷

অস্তিত্বৰ সংকটত পাক অধিকৃত কাশ্মীৰ : অধ্যয়ন

By

Published : Jul 7, 2019, 7:51 PM IST

নিউজ ডেস্ক, 7 জুলাই : পাক অধিকৃত কাশ্মীৰৰ দুই অংশ, গিলগিট - বালতিস্তান আৰু 'আজাদ' কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে বিভিন্ন কাৰণত অস্তিত্বৰ সংকটত ভুগিবলৈ আৰম্ভ কৰিছে ৷ এই কাৰণ বোৰৰ ভিতৰত কিছুমান সাদৃশ্য আৰু বৈসাদৃশ্যও দেখিবলৈ পোৱা যায় ৷

ইয়াৰে সাদৃশ্য থকা এটা কাৰণ হৈছে, পাকিস্তানে এই অঞ্চলকেইটাৰ লোকসকলৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকক দুৰ্নীতিত লিপ্ত কৰিবলৈ চেষ্টা চলাই আহিছে ৷ উপায়হীন হৈ এই লোকসকলে পাকিস্তানৰ ওপৰত আস্থা তথা সন্মান নথকাৰ স্বত্বেও ভোট প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিছে ৷

ইয়াৰোপৰি, 'চীন - পাকিস্তান ইক'নমিক ক'ৰিডৰে (চিপিইচি) অঞ্চলটোৰ লোকসকলক কেনেদৰে প্ৰভাৱিত কৰিব আৰু অঞ্চলটোৰ সাংবিধানিক অৱস্থা কি হ'ব এই লৈ গিলগিট - বালতিস্তানটো সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷

'ইনষ্টিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছ' ৰ তিনিজনকৈ গৱেষক ক্ৰমে সুৰিন্দৰ কুমাৰ শৰ্মা, য়াকুৱ ওল হাছান আৰু অশোক বেহুৰীয়াই চলোৱা এক গৱেষণাত এই তথ্য লাভ কৰা হয় ৷

এই গৱেষণা পত্ৰত বিভিন্ন দিশৰ পৰা ৰাজনৈতিক দলসমূহৰ অধ্যয়ন কৰাৰ লগতে দলসমূহৰ বিকাশ আৰু প্ৰত্যাহ্বান সম্পৰ্কতো বিশদ বিৱৰণ আগবঢ়োৱা হয় ৷

উল্লেখ্য যে, 1994 চনৰ পাছত পাকিস্তান অৱস্থিত ৰাজনৈতিক দলসমূহৰ সমৰ্থনত বহুকেইটা অন্য দল কাঠফুলাৰ দৰে বাঢ়ি আহিছিল ৷ এই দলসমূহৰ ভিতৰত অন্যতম আছিল পাকিস্তান পিপল'ছ পাৰ্টী, পাকিস্তান মুছলিম লীগ নাৱাজ, পাকিস্তান তেহৰিক ই ইনছাফ, জামাত ই ইছলামী আদি ৷ যোৱা 25 বছৰৰ পৰা পাকিস্তান পিপল'ছ পাৰ্টী আৰু পাকিস্তান মুছলিম লীগ নাৱাজে গিলগিট - বালতিস্তান অঞ্চলত শাসন চলায় আহিছে ৷ ইয়াৰ পৰা এইটো প্ৰমাণিত হৈছে যে, এই অঞ্চলটোৰ স্থানীয় লোকসকলৰ আশা - আকাংক্ষাক এই দলসমূহে কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাছিল ৷

ABOUT THE AUTHOR

...view details