ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: পাকিস্তানে চীনৰ পৰা ক্ৰয় কৰিছে ২৫ খন J-10C যুঁজাৰু বিমান (Pakistan bought fighter jets from China) । ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে এই বিমানসমূহ ক্ৰয় কৰিছে বুলি মন্তব্য কৰিলে পাকিস্তানৰ গৃহ মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে । বুধবাৰে ৰাৱালপিণ্ডিত শ্বেইখ ৰছিদ আহমেদে সাংবাদিকৰ আগত কয় যে, চীনত নিৰ্মিত ২৫ খন J-10C যুঁজাৰু বিমানৰ এটা স্কোৱাড্ৰণ ২০২২ ৰ ২৩ মাৰ্চত আয়োজিত হ'বলগীয়া পাকিস্তান দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব (Sheikh Rashid Ahmed on Pakistan's J-10C jets acquisition) ।
উল্লেখ্য যে, J-10C যুঁজাৰু বিমানক চীনৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান হিচাপে গণ্য কৰা হয় । এই যুঁজাৰু বিমানে সকলো বতৰতে আকাশমাৰ্গত উৰণ আৰম্ভ কৰিব পাৰে । অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত এফ-১৬ শ্ৰেণীৰ যুঁজাৰু বিমান পাকিস্তানত আগৰে পৰা আছে ।
বিগত বৰ্ষত পাক-চীন যুটীয়া অনুশীলনত J-10C বিমানেৰেও অনুশীলন চলোৱা হৈছিল আৰু পাকিস্তানৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলে যুঁজাৰু বিমানখনৰ বিষয়ে অধিক জনাৰ সুযোগ পাইছিল । এই যুটীয়া অনুশীলন যোৱা বছৰৰ ৭ ডিচেম্বৰত পাকিস্তানত আৰম্ভ হৈছিল আৰু প্ৰায় ২০ দিন ধৰি চলিছিল ।