অসম

assam

ETV Bharat / international

প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পদত্যাগ: উকলিল 48 ঘন্টাৰ সময়সীমা - Imran Khan

নেতা মৌলানা ফজলুৰ ৰেহমানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক পদত্যাগ কৰিবলৈ দিয়া 48 ঘন্টাৰ সময়সীমা উকলি গ'ল ৷ ইয়াৰ পিছতে পৰৱৰ্তী গতিবিধিৰ ওপৰত লক্ষ্য কৰিবলৈ মৌলানাক সমৰ্থন আগবঢ়াইছে পাকিস্তান মুচলিম লিগ-নাৱাজ, পাকিস্তান পিপল্চ পাৰ্টী, পখটুনখৱা মিলি আৱামি পাৰ্টী, কৌমি ৱটন পাৰ্টী, নেশ্যনেল পাৰ্টী আৰু আৱামী নেশ্যনেল পাৰ্টীয়ে ৷

প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পদত্যাগৰ সময়সীমা উকলিল

By

Published : Nov 5, 2019, 12:27 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ পাকিস্তানী নেতা মৌলানা ফজলুৰ ৰেহমানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক পদত্যাগ কৰিবলৈ দিয়া 48 ঘন্টাৰ সময়সীমা উকলি গল ৷ ইয়াৰ পিছতে পৰৱৰ্তী গতিবিধিৰ ওপৰত লক্ষ্য কৰিবলৈ মৌলানাক সমৰ্থন আগবঢ়াইছে পাকিস্তান মুচলিম লিগ-নাৱাজ, পাকিস্তান পিপল্চ পাৰ্টী, পখটুনখৱা মিলি আৱামি পাৰ্টী, কৌমি ৱটন পাৰ্টী, নেশ্যনেল পাৰ্টী আৰু আৱামী নেশ্যনেল পাৰ্টীয়ে ৷

তমিয়ট-ওলেমা-ই-ইচলাম ফজলৰ নেতাগৰাকীয়ে কয় যে তেঁওলোকৰ প্ৰতিবাদ ‘আজাদী মাৰ্চ’ প্ৰধান মন্ত্ৰী গৰাকীক ক্ষমতাশ্যোত নকৰালৈ চলি থাকিব ৷ তেঁও কয় যে প্ৰধানমন্ত্ৰী খানে বিনা স্বৰ্তে ৰাইজৰ ধৰ্য্যৰ পৰিক্ষা নোলোৱাকৈ পদত্যাগ কৰিব লাগে ৷ তেঁও জানিবলৈ দিয়ে যে পদত্যাগ নকৰালৈ এই প্ৰতিবাদ অব্যাহত থাকিব ৷

ইফালে প্ৰধানমন্ত্ৰী খানে প্ৰতিবাদকাৰীৰ পদত্যাগৰ দাবী নাকচ কৰিছে ৷ তেঁও লগতে কয় যে প্ৰতিবাদকাৰীসকলৰ এই দাবী দুৰ্নীতিৰ অভিযোগত কাৰাবন্দী হৈ থকা পাকিস্তান মুচলিম লিগ-নাৱাজ, পাকিস্তান পিপল্চ পাৰ্টীৰ নেতাসমূহক কাৰাগাৰৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ বুলি মন্তব্য কৰিছে ৷ ইফালে প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয় যে তেঁওৰ চৰকাৰখন প্ৰতিবাদকাৰী সকলৰ লগত মিলিত হবলৈ সাজু কিন্তু তেঁওলোকৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবি মানি লবলৈ প্ৰস্তুত নহয় ৷

ABOUT THE AUTHOR

...view details