ইন্টাৰনেশ্বনেল ডেস্ক, 3 ছেপ্তেম্বৰ : পাকিস্তানক পুনৰবাৰ লজ্জানত কৰি দেশখনৰ আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ ন্যায়াধীশ খাবৰ কুৰেশ্বীয়ে মন্তব্য কৰিছে যে,কাশ্মীৰত সংঘটিত হৈ থকা গণহত্যাৰ সাক্ষী-প্ৰমাণ দিবলৈ তেওঁৰ দেশ অসমৰ্থ ৷ অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতত কাশ্মীৰ বিষয়ত অভিযোগ উত্থাপন কৰিব বুলি ভাবুকি প্ৰদানৰ পাছতে এনেদৰে মন্তব্য কৰে কুৰেশ্বীয়ে ৷
কাশ্মীৰৰ 'গণহত্যা' প্ৰমাণ কৰিবলৈ পাকিস্তানৰ হাতত প্ৰমাণ নাই - PAK LACKS EVIDENCE TO PROVE GENOCIDE IN KASHMIR KHAWAR QURESHI
পাকিস্তানক পুনৰবাৰ লজ্জানত কৰি দেশখনৰ আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ ন্যায়াধীশ খাবৰ কুৰেশ্বীয়ে মন্তব্য কৰিছে যে,কাশ্মীৰত সংঘটিত হৈ থকা গণহত্যাৰ সাক্ষী-প্ৰমাণ দিবলৈ তেওঁৰ দেশ অসমৰ্থ ৷ অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতত কাশ্মীৰ বিষয়ত অভিযোগ উত্থাপন কৰিব বুলি ভাবুকি প্ৰদানৰ পাছতে এনেদৰে মন্তব্য কৰে কুৰেশ্বীয়ে ৷
খাবৰ কুৰেশ্বীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে,"ৰাষ্ট্ৰসংঘৰ প্ৰধান আদালত হৈছে আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালত ৷ গণহত্যা সন্মিলন নামৰ এখন সন্মিলনত ভাৰত আৰু পাকিস্তানে স্বাক্ষৰ কৰিছিল ৷ যি ৰাজ্যই গণহত্যাত লিপ্ত হয় অথবা গণহত্যা ৰোধ কৰিবলৈ অপাৰগ হয় সেই ৰাজ্যই আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ সন্মুখত জৱাবদিহি হ'ব লাগে ৷ কিন্তু ইয়াৰ কোনো প্ৰমাণ নথকাৰ বাবে ন্যায়িক আদালতলৈ এই গোচৰটো নিবলৈ যথেষ্ট কষ্টকৰ হ'ব ৷"
উল্লেখ্য যে, অনুচ্ছেদ 370 বাতিলকৰণক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিবৰ বাবে পাকিস্তানে আবু ধাবিৰ প্ৰিন্স মহম্মদ বিন জায়েদ অল নাহয়ান,ছৌদি আৰৱৰ প্ৰিন্স মহম্মদ বিন ছালমান, ন্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণ আৰু জৰ্দানৰ ৰজা আব্দুল্লাহ দ্বিতীয়ৰ ওচৰ চাপিছিল ৷ কিন্তু সকলো পক্ষই পাকিস্তানক সহায়ৰ হাত আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ লগতে এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷
TAGGED:
অনুচ্ছেদ 370 বাতিলকৰণ