অসম

assam

ETV Bharat / international

যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে 1210 গৰাকী সন্ত্ৰাসবাদীৰ নাম তালিকা

যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ FIA য়ে জাৰী কৰিছে দীঘলীয়া সন্ত্ৰাসবাদীৰ তালিকা ৷ বিশ্বৰ বহু কেইটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ নাম প্ৰকাশ পাইছে তালিকাত ৷ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকা কেইবাজনৰো নাম তালিকাভুক্ত হৈছে ৷

Pak issues list of over 1,210 most-wanted terrorists including those involved in Mumbai attack
terrorist list

By

Published : Nov 13, 2020, 10:25 AM IST

নিউজ ডেস্ক, 13 নৱেম্বৰ : বৃ্হস্পতিবাৰে পাকিস্তানে 1,210 জন আতংকবাদীৰ তালিকা প্ৰকাশ কৰিছে ৷ যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ FIA য়ে জাৰী কৰা তালিকাখনত মুতাহিদা কাউমি মুভমেণ্টৰ নেতা আলতাফ হুছেইন আৰু পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএলএন) নাছিৰ বুটৰ এজন কৰ্মীও অন্তৰ্ভুক্ত আছে । তালিকাখনত প্ৰকাশিত নাম আৰু প্ৰফাইলত দেখা গৈছে 2008 চনৰ মুম্বাই আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ নাম ৷ তালিকাত অপৰাধীৰ নাম, পিতৃৰ নাম আৰু ঠিকনা প্ৰকাশ কৰিছে ৷ লগতে, যিসকল লোকে তেওঁলোকৰ সন্ধান দিব পাৰিব তেওঁলোকক পুৰস্কৃত কৰাৰ কথাও প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক :ভাল খবৰঃ ৩০ ডিচেম্বৰৰ পৰা ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

তালিকাৰ শীৰ্ষত প্ৰকাশ পাইছে মোছাদ আমজাদ খান এফ আই এ ৰ কথা ৷ উল্লেখ্য যে, মোছাদ আমজাদ খান এফ আই এ হৈছে লস্কৰ-ই-তাইবা (এলইটি) ৰ পূৰ্বৰ সদস্য আৰু এল ই টিৰ (নাও আল-হুছেইনী আৰু নাও আল-ফাউজ)ৰ ক্ৰু সদস্য আছিল । অভিযোগ অনুসৰি, তেওঁ মুম্বাই আক্ৰমণৰ সময়ত কৰাচীৰ পৰা য়ামাহা মটৰবোট ইঞ্জিন, লাইফ জেকেট, ইনফ্লেটেবল নাও আদি ক্ৰয় কৰিছিল যিবোৰ আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা হৈছিল ৷

তালিকাৰ দ্বিতীয়ত ইফটিকাৰ আলী নামৰ ব্যক্তিজনৰ নাম উল্লেখ হৈছে ৷ ইফটিকাৰ আলী হৈছে লস্কৰ ই তইবাৰ প্ৰাক্তন সদস্য । মুম্বাই আক্ৰমণৰ ঘটনাত সন্ত্ৰাসবাদীৰ সৈতে সঘন যোগাযোগৰ বাবে তেওঁ ইছলামবাদত 250 মাৰ্কিন ডলাৰ 2005 ইউৰোলৈ পৰিৱৰ্তন কৰি ভইচ অভাৰ ইন্টাৰনেট প্ৰট'কল যন্ত্ৰ ক্ৰয় কৰিছিল ৷ ইফটিকাৰ মালিক টাইমৰ নামৰে পৰিচিত ৷

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে

তালিকাত তৃতীয় স্থানত থকা সন্দেহযুক্ত ব্যক্তি গৰাকী হ’ল বাহাৱালপুৰৰ শ্বাহিদ গফুৰ ৷ একেদৰে, চতুৰ্থ স্থানত আছে বাহাৱাল নগৰৰ আব্দুল ৰহমান ৷ পঞ্চম স্থানত থকা ব্যক্তি গৰাকী সাহীৱালৰ শ্বাহিদ উছমান ৷ ষষ্ঠ স্থানত লাহোৰৰ আটিকুৰ ৰহমান ৷ সপ্তম স্থানত হাফিজাবাদৰ ৰিয়াজ আহমদ, অষ্টম স্থানত গুজৰানৱালাৰ মহম্মদ মোস্তাক ৷ ডেৰা গাজি খানৰ মহম্মদ নইম আৰু কৰাচীৰ আব্দুল শ্বকুৰৰ নাম অন্তৰ্ভুক্ত হৈছে ক্ৰমে নৱম আৰু দশম স্থানত ।

আনহাতে, তালিকাত প্ৰকাশ পোৱা অনুসৰি, একাদশ স্থানত মুলতানৰ মহম্মদ চাবিৰ চালফি, দ্বাদশ স্থানত লধৰানৰ শ্বাহিদ ওচমান, 13 সংখ্যক স্থানত ৰহিম য়াৰ খানৰ শ্বকিল আহমদ, ৰাৱলপিণ্ডিৰ মহম্মদ ওচমান জিয়া, কানেৱালৰ মহম্মদ আব্বাছ নাছিৰ, কাসাউৰৰ জাভেদ ইকবাল, মান্দি বাহা উদ্দিনৰ মুখতাৰ আহমেদ, বাটাগ্ৰামৰ আহমেদ ছইদ আৰু তুৰ্বাটৰ মহম্মদ খান ।

ইফালে, তালিকাত বহু কেইটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত থকা সন্দেহযুক্ত বহু কেইজন সন্ত্ৰাসবাদীৰ নামো প্ৰকাশ কৰা হৈছে ৷ পূৰ্বৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰী চৌকট আজিজৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ নামো আছে এই তালিকাত ৷ ইয়াৰ উপৰিও, পঞ্জাৱৰ পূৰ্বৰ গৃহমন্ত্ৰী চুজা খানজাডা আৰু পূৰ্বৰ পাক প্ৰধানমন্ত্ৰী য়ুচুফ ৰাজা গিলানীৰ পুত্ৰ আলী হাইদৰৰ অপহৰণৰ লগত জড়িত দুধৰ্ষ সন্ত্ৰাসবাদীৰ নামো তালিকাত আছে ৷

আনহাতে, তালিকাত অন্তৰ্ভুক্ত হোৱা 1,210 গৰাকীৰ ভিতৰত 737 গৰাকীৰ নাম Khyber-Pakhtunkhwa ৰ তদন্তকাৰী সংস্থাই বিচাৰি আছে ৷ সংস্থাটোৱে বিচাৰি থকা লোক সকলৰ ভিতৰত আছে বেলুচিস্তানৰ 161 জন, পঞ্জাৱৰ 122 গৰাকী, সিন্ধৰ 100 গৰাকী, ইছলামাবাদৰ 32 গৰাকী আৰু 30 জন গিলগিত বালতিস্তানৰ ৷ আন 28 গৰাকীৰ লোকৰ তথ্যও সংস্থাটোৱে বিচাৰিছে ৷

উল্লেখ্য যে, 6 গৰাকী আমেৰিকান লোককে ধৰি 166 গৰাকী লোকক হত্যা কৰা 2008 চনৰ মুম্বাই আক্ৰমণৰ জামাত-উদ-দাৱাহ হৈছে মুখ্য সংগঠন । মাৰ্কিন যুক্তৰাষ্ট্ৰই ছইদক বিশেষভাৱে গ্ল'ৱেল টেৰ’ৰিষ্ট হিচাপে অভিহিত কৰিছে ৷ 2012 চনতে ছইদৰ সন্ধান দিওতালৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই 10 মিলিয়ন মাৰ্কিন ডলাৰ পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে ৷

লগতে পঢ়ক :কুমাৰীকাটাত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত

ABOUT THE AUTHOR

...view details