ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ আগষ্ট :ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজ দেশকে ৰামঠগন দিয়া পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে লাহোৰৰ এখন আদালতে। ১৯৮৬ চনত পঞ্জাৱত মুখ্যমন্ত্ৰী হৈ থকা সময়ত বে-আইনীভাৱে ভূমি আৱণ্টন কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। আদালতৰ শুনানিত এদিনো উপস্থিত হোৱা নাছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
সম্প্ৰতি লাহোৰৰ এখন আদালতে নৱাজ শ্বৰীফৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। শ্বৰীফৰ সকলো ঠিকনাতে চমন জাৰি কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আদালতে। প্ৰধানমন্ত্ৰীগৰাকীৰ অনুপস্থিতিৰ বাবে তেওঁৰ মডেল টাউন আৰু জাতি উমৰাৰ বাসগৃহৰ ঠিকনাত চমন জাৰি কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে আপত্তি দৰ্শাইছে। সেয়ে বিদেশত থকা বাসগৃহৰ ঠিকনাত চমন জাৰি কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আদালতে।