অসম

assam

ETV Bharat / international

'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ পাকিস্তানৰ সেনাপ্ৰধানৰ - পাকিস্তান

পাকিস্তানৰ সেনাপ্ৰধান কমৰ জাভেদ বাজৱাই তথাকথিত 'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনাক লৈ পি এম এল এনৰ উপাধ্যক্ষ মৰিয়ম নৱাজৰ স্বামী, অৱসৰপ্ৰাপ্ত কেপ্টেইন মহম্মদ চফদৰ আৰু কাৰাচীত তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৰুজু কৰা গোচৰৰ তদন্তৰ নিৰ্দেশ দিছে সেনাপ্ৰধানগৰাকীয়ে।

'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ পাকিস্তানৰ সেনাপ্ৰধানৰ
'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ পাকিস্তানৰ সেনাপ্ৰধানৰ

By

Published : Oct 21, 2020, 12:44 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: তথাকথিত 'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে পাকিস্তানৰ সেনাপ্ৰধান কমৰ জাভেদ বাজৱাই। ঘটনাৰে জড়িত থকাৰ অভিযোগত পি এম এল এনৰ উপাধ্যক্ষ মৰিয়ম নৱাজৰ স্বামী, অৱসৰপ্ৰাপ্ত কেপ্টেইন মহম্মদ চফদৰ আৰু কাৰাচীত তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ৰুজু কৰা গোচৰৰ তদন্তৰ নিৰ্দেশ দিছে সেনাপ্ৰধানগৰাকীয়ে। দ্য এক্সপ্ৰেছ ত্ৰিবিউনত প্ৰকাশ কৰিছে যে, আভ্যন্তৰীণ সেৱা জন সম্পৰ্কৰক্ষী বিষয়াও কাৰাচীৰ ঘটনাৰ বিষয়ত আলোচনা কৰি সেনাপ্ৰধানগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ কথা কৈছে। শীঘ্ৰেই সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন জমা কৰিবলৈ আদেশ দিয়ে।

পাকিস্তান পিপুলচ পাৰ্টীৰ অধ্যক্ষ বিলাবল ভূট্ট' জৰ্দাৰীয়ে সংবাদমেলৰ জৰিয়তে চফদৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সিন্ধ আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ পাকিস্তানৰ সেনাপ্ৰধান আৰু আই এছ আইৰ মহানিৰ্দেশকক অনুৰোধ জনাইছিল। সোমবাৰে মৰিয়ম নৱাজে টুইটযোগে কয় যে, চফদৰক কাৰাচীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক:নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে

ABOUT THE AUTHOR

...view details