অসম

assam

ETV Bharat / international

মন্ত্ৰী কুৰেছিৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছে: পাকিস্তান চৰকাৰ - ইছলামিক ষ্টেট

পাকিস্তানে সোমবাৰে স্পষ্ট কৰি দিয়ে যে ই যুদ্ধবিধ্বস্ত আফগানিস্তানত কোনো নিৰ্দিষ্ট পক্ষৰ পক্ষপাতী নহয় আৰু লগতে কয় বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিয়ে ইছলামিক ষ্টেট (IS) আৰু আফগান তালিবানৰ ওপৰত কৰা শেহতীয়া মন্তব্যক ভুল বাখ্যা কৰা হৈছে ।

Shah Mahmood Qureshi
মন্ত্ৰী কুৰেছিৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছে

By

Published : Aug 3, 2021, 4:34 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ আগষ্ট :শনিবাৰে মুলতানত এখন সংবাদমেলৰ সময়ত পকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিক (Foreign Minister Shah Mahmood Qureshi) আই এছ সন্ত্ৰাসবাদীসকল আফগানিস্তানলৈ যোৱাৰ বিষয়ে সোধা হৈছিল । তেতিয়া তেওঁ প্ৰশ্ন কৰিছিল যে যদি তেওঁলোকে ইৰাক বা চিৰিয়াৰ পৰা আহিছে তেন্তে তেওঁলোকক পৰীক্ষা কৰাটো কাৰ দায়িত্ব ? আফগান চৰকাৰৰ কোনে তেওঁলোকৰ ওপৰত নজৰ ৰাখিব লাগিব আৰু তেওঁলোকক নিৰীক্ষণ কৰিব লাগিব ? নিশ্চিতভাৱে আফগান শাসক আৰু চৰকাৰে কৰিব লাগিব ।

তেওঁ আশা কৰা মতে তেওঁলোকে তেওঁলোকৰ দায়িত্বত অৱহেলা নকৰিব । তেওঁ বৰ্ণনা কৰি কৈছিল যে, আফগান চৰকাৰ বা তালিবান, আফগানিস্তানৰ চুবুৰীয়া বা আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে আইএছৰ পুনৰুত্থান বিচৰা নাই । তেওঁলোকৰ এতিয়া এই সন্দৰ্ভত দায়িত্ব আছে আৰু তেওঁলোকে ইয়াক পূৰণ কৰা উচিত ।

কিন্তু তেওঁৰ এই মন্তব্য সামাজিক মাধ্যম আৰু আফগান সংবাদ মাধ্যমত এনেদৰে উপস্থাপন কৰা হৈছিল যেন তেওঁ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ তালিবানৰ ওপৰত আশা কৰে, আফগান চৰকাৰৰ ওপৰত নহয় । ইয়াৰ পাছতে পাকিস্তানে সোমবাৰে স্পষ্ট কৰি দিয়ে যে ই যুদ্ধবিধ্বস্ত আফগানিস্তানত কোনো নিৰ্দিষ্ট পক্ষৰ পক্ষপাতী নহয় আৰু কয় যে বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিয়ে ইছলামিক ষ্টেট (IS) আৰু আফগান তালিবানৰ ওপৰত শেহতীয়া মন্তব্যক ভুল বাখ্যা কৰা হৈছে । বিদেশ কাৰ্যালয়ে বিবৃতিত কয় যে বৈদেশিক মন্ত্ৰীয়ে স্পষ্টভাৱে সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়, আঞ্চলিক গোট আৰু আফগানসকলৰ মাজত সহমতৰ কথা কৈছিল । তেওঁৰ মন্তব্যক কোনো প্ৰকাৰে আফগান সংঘৰ্ষৰ এটা নিৰ্দিষ্ট পক্ষৰ ওকালতি কৰা বুলি ভুল কৈ বাখ্যা কৰা হৈছে ।

বিবৃতিত কোৱা হৈছে যে তেওঁলোকে বাৰে বাৰে স্পষ্ট কৰি দিছে যে আফগানিস্তানত পাকিস্তানৰ কোনো প্ৰিয় নাই । আনকি পাকিস্তানে আফগানৰ শান্তি প্ৰক্ৰিয়াত গঠনমূলক সুবিধাৰ ভূমিকা পালন কৰি যাব বুলিও বিবৃতিটোত কোৱা হৈছে । ইফালে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী ইমৰান খানে (Prime Minister Imran Khan) কৈছিল যে পাকিস্তান চৰকাৰ তালিবানৰ মুখপাত্ৰ নহয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ পৰা সৈনিক প্ৰত্যাহাৰৰ পিছত আফগানিস্তানত বিদ্ৰোহী গোটটোৰ কাৰ্যকলাপৰ বাবে ইছলামাবাদক দায়ী কৰিব নোৱাৰি । আফগানিস্তানে এই ক্ষেত্ৰত যি সিদ্ধান্ত লয় তাৰ লগ পাকিস্তান থাকিব বুলিও স্পষ্ট কৰি দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :নিজকে 'প্ৰধানমন্ত্ৰী' বুলি ঘোষণা কৰিলে ম্যানমাৰৰ সামৰিক নেতা মিন আং হ্লাইঙে

For All Latest Updates

ABOUT THE AUTHOR

...view details