নিউজ ডেস্ক, 21 মাৰ্চ: প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱৰ ৰাজ্যিক মন্ত্ৰী নৱজিত সিং সিদ্ধোয়ে শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানলৈ এখন অনুৰোধ পত্ৰ লিখি পঠাইছে ৷ পত্ৰখনত তেওঁ কৰ্টাৰপুৰ চাহেব গুৰুদ্বাৰত কোনো ধৰণৰ অৱয়ব খোদিত নকৰিবলৈ ইমৰানখানলৈ অনুৰোধ কৰিছে ৷ সিদ্ধোৰ অনুৰোধমৰ্মে ইমৰাণ খানেও এই কথাত সন্মতি জনায় বুলি তেওঁ মন্তব্য কৰে ৷
সিদ্ধোৰ অনুৰোধ ৰক্ষা পাকিস্তানৰ - ETV BHARAT
প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱৰ ৰাজ্যিক মন্ত্ৰী নৱজিত সিং সিদ্ধোৰ অনুৰোধ মৰ্মে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰ্টাৰপুৰ চাহেব গুৰুদ্বাৰত কোনো ধৰণৰ অৱয়ব খোদিত নকৰে বুলি জনায় ৷
SIDHU'S PLEA TO PAK
পত্ৰখনত সিদ্ধোয়ে উল্লেখ কৰে যে, কৰ্টাৰপুৰ গুৰুদ্বাৰৰ কাষৰ পথাৰত যিহেতু গুৰুনানকে খেতি কৰিছিল সেয়েহে অঞ্চলটো সেইদৰেই ৰাখিবলৈ প্ৰধানমন্ত্ৰীজনক অনুৰোধ জনোৱা হয় ৷