অসম

assam

ETV Bharat / international

আফগানী সেনাৰ অভিযানত নিহত ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী

আফগানিস্তান(Afghanistan)ত তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান । বিগত ৪ দিনত আফগানী সেনাৰ অভিযানত নিহত হৈছে ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী । ৫০০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী আহত হৈছে সেনাৰ অভিযান কালত । সম্প্ৰতি ২০ খনতকৈও অধিক প্ৰদেশ আৰু ৯ খন চহৰত আফগানী সেনা আৰু তালিবান(Taliban)ৰ মাজত সংঘৰ্ষ অব্যাহত আছে ।

Afghan security forces operations
আফগানী সেনাৰ অভিযানত নিহত ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী

By

Published : Jul 19, 2021, 12:33 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ জুলাই: অশান্ত জৰ্জৰ আফগানিস্তানত তালিবানী সন্ত্ৰাসবাদীৰ ঘাটি উৎখাতৰ বাবে সেনাৰ অভিযান অব্যাহত । ২০ খনতকৈও অধিক প্ৰদেশ আৰু ৯ খন চহৰত আফগানী সেনা আৰু তালিবান(Taliban)ৰ মাজত সংঘৰ্ষ অব্যাহত আছে । দুয়োপক্ষৰ সংঘৰ্ষত তালিবানী সন্ত্ৰাসবাদী আৰু সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । সমান্তৰালকৈ সাধাৰণ নাগৰিকেও নিৰাপত্তহীনতাত ভুগিছে ।

বিগত ৪ দিনত আফগানী সেনাৰ অভিযানত ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী ধৰাশায়ী হোৱাৰ লগতে ৫০০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী আহত হৈছে । আফগানিস্তানৰ অধিক গুৰুত্বপূৰ্ণ অঞ্চল দখল কৰাৰ বাবে তালিবানে আক্ৰমণ কৰি আহিছে । আভ্যন্তৰীণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, আফগানী সেনাই যোৱা ১২ ঘণ্টাত পাৰৱানৰ চোৰখ-ই-পাৰ্চা জিলাৰ নিয়ন্ত্ৰণ পুনৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছে আৰু গজনীৰ মাইলস্তান জিলাও পুনৰ দখল কৰে । কিন্তু জানিব পৰা মতে, নিমৰোজৰ চাখানচুৰ জিলাৰ কেন্দ্ৰীয় অঞ্চল পুনৰ তালিবানে দখল কৰিছে ।

দেওবাৰে আফগান নিৰাপত্তা আৰু প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰই কয় যে, এতিয়ালৈকে মুঠ ৯৬৭ টা তালিবানী সন্ত্ৰাসবাদী নিহত হৈছে । উত্তৰ-পূৱৰ তাখাৰ প্ৰদেশৰ তালুকান চহৰৰ উপকণ্ঠ অঞ্চলতো সংঘৰ্ষই ভয়াৱহ ৰূপ লৈছে বুলি জানিব পৰা গৈছে । ফলত স্থানীয় বাসিন্দাসকলে আতংকিত হৈ পৰিছে ।

যোৱা দুসপ্তাহ ধৰি চহৰখনত তালিবানে আক্ৰমণ আহিছে । তালুকান চহৰৰ নিবাসী আব্দুল কৰিম নামৰ এজন লোকে জনাইছে যে, "প্ৰতিদিনে পৰিস্থিতিৰ অৱনতি হৈ ঘটিছে । ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ হৈ আছে । মৰ্টাৰ আৰু তালিবানৰ গুলীয়ে মানুহৰ বাসগৃহৰ ক্ষতিসাধন কৰিছে ।

লগতে চৰকাৰে চহৰখনত থকা লোকসকলক সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা উচিত বুলি একাংশ লোকে মন্তব্য কৰিছে । উত্তৰ দিশৰ কুন্দুজ চহৰৰ বাসিন্দাসকলেও তালিবানৰ আক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে । স্থানীয় এজন লোকে জনোৱা মতে, মৰ্টাৰেৰে কৰাৰ আক্ৰমণত তেওঁৰ বাসগৃহটো ক্ষতিগ্ৰস্ত হৈছিল । ঘৰৰ দুগৰাকী সদস্যৰো মৃত্যু হৈছিল তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ।

লগতে আহত হৈছিল ৪ জন লোক । দেশখনৰ পৰা বিদেশী সৈন্য বাহিনী প্ৰত্যাহাৰৰ মাজতে নিৰাপত্তা ব্যৱস্থা অধিক শোচনীয় হৈ পৰিছে । আনহাতে, আফগানী চৰকাৰী বিষয়া আৰু তালিবানৰ এটা প্ৰতিনিধি দলে শান্তিপূৰ্ণভাৱে আফগানিস্তানৰ সমস্যা সমাধানৰ বাবে আলোচনা কৰি আছে ।

এই আলোচনাত ৰাষ্ট্ৰীয় মীমাংসা পৰিষদৰ মুৰব্বী আব্দুল্লাহ আব্দুল্লাই কয় যে, তেওঁ এই আলোচনাৰ পৰা ইতিবাচক আৰু গঠনমূলক ফলাফল আশা কৰে । এক সূত্ৰই জানিবলৈ দিয়া মতে, শেহতীয়া পৰ্যায়ৰ আলোচনাত তালিবানে ৭,০০০ গৰাকী বন্দীক মুক্তি দিয়া আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাসকলৰ নাম ৰাষ্ট্ৰসংঘৰ ব্লেকলিষ্টৰ পৰা আঁতৰ কৰাৰ দাবী জনাইছে । গণৰাজ্যৰ প্ৰতিনিধি দলে আফগানিস্তানত শান্তিপূৰ্ণ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে এক পৰিকল্পনা যুগুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক:আস্থা ভোট বিচাৰিবলৈ সাজু নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা

ABOUT THE AUTHOR

...view details