নিউজ ডেস্ক, 28 আগষ্টঃজুন মাহৰ পৰা হংকঙত অব্যাহত থকা প্ৰতিবাদত 800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে চীন আৰক্ষীয়ে ৷ চীন দেশৰ আশ্ৰয় প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে বিগত জুন মাহৰ পৰাই এইদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে হংকঙবাসীয়ে ৷
হংকং প্ৰতিবাদত গ্ৰেপ্তাৰ 800ৰো অধিক লোক - প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা নিউজ
চীনৰ বিৰুদ্ধে জুন মাহৰ পৰা আৰম্ভ হোৱা হংকং প্ৰতিবাদ অব্যাহত আছে ৷ চীনৰ আশ্ৰয় প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে ৷ হংকঙৰ পৰা আৰক্ষীয়ে বৰ্তমানলৈ 800ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷
আনহাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অব্যাহত ৰখা এই প্ৰতিবাদ ৰোধ কৰিবলৈ চীন দেশৰ আৰক্ষীয়ে বলপূৰ্বক শক্তি প্ৰয়োগ কৰি আহিছে ৷ বিগত সময়ছোৱাত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাকে ধৰি অন্যান্য সকলোধৰণৰ শক্তি প্ৰয়োগ কৰিছে চীনৰ আৰক্ষীয়ে ৷ শেহতীয়াকৈ মঙলবাৰেও আৰক্ষীয়ে বহুসংখ্যক প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাৰ লগতে ব্যাপক হাৰে লাঠীচালনা সংঘটিত কৰে ৷
বৰ্তমান সময়লৈকে প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীয়ে 800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ৷ চীনে জাপি দিব বিছৰা প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে এইদৰে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিচে হংকঙবাসী ৰাইজে ৷