অসম

assam

ETV Bharat / international

পিতৃৰ সম্পত্তি সন্দৰ্ভত এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ আদেশক ভিত্তিহীন আখ্যা ওমৰ আব্দুলাৰ - জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা

পিতৃৰ সম্পত্তি সন্দৰ্ভত এনফৰ্চমেন্ট ডিৰেক্টৰেটে জাৰি কৰা অস্থায়ী আদেশক ভিত্তিহীন আখ্যা ওমৰ আব্দুলাৰ ৷ অভিযোগ খণ্ডনৰ বাবে আদালতত যুদ্ধ কৰিব ওমৰৰ পিতৃ ফাৰুক আব্দুলাই ৷ 1970 ৰ পৰা 2003 বৰ্ষৰ ভিতৰত নিৰ্মিত পৈতৃক সম্পত্তিক কেনেকৈ অপৰাধমূলক আয় হিচাপে গণ্য কৰিব পাৰি সেই লৈ আশ্চৰ্য প্ৰকাশ ওমৰ আব্দুলাৰ ৷

Omar terms ED attachment order of father's properties as 'baseless'
পিতৃৰ সম্পত্তি সন্দৰ্ভত এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ আদেশক ভিত্তিহীন আখ্যা ওমৰ আব্দুলাৰ

By

Published : Dec 20, 2020, 8:57 AM IST

নেচনেল ডেস্ক,20 ডিচেম্বৰ: জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই তেওঁৰ পিতৃৰ সম্পত্তিক লৈ এনফৰ্চমেন্ট ডিৰেক্টৰেটে (ই ডি) জাৰি কৰা অস্থায়ী আদেশক ক ভিত্তিহীন বুলি আখ্যা দিয়ে ৷ এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ আদেশক লৈ আশ্চৰ্য প্ৰকাশ কৰি আব্দুলাই কয় যে পৈতৃক সম্পত্তি কেনেকৈ অপৰাধমূলক আয় হিচাপে গণ্য হ'ব পাৰে সেয়া এক আশ্চৰ্যৰ বিষয় ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত এলানি টুইট কৰি ওমৰ আব্দুলাই কয় যে তেওঁৰ পিতৃ ফাৰুক আব্দুলাই তেওঁলোকৰ উকীলৰ সৈতে কথা পাতিছে আৰু এই সকলো ভিত্তিহীন অভিযোগৰ বিৰুদ্ধে তেওঁলোকে আদালতত যুদ্ধ কৰিব ৷

ওমৰে কয় যে ই ডি ৰ অস্থায়ী আদেশত সংযুক্ত সম্পত্তিৰ অধিকাংশই 1970 চনৰ পৰা 2003 বৰ্ষৰ ভিতৰত নিৰ্মিত ৷ তেওঁ কয় যে পুৰণি পৈতৃক সম্পত্তি সমূহ অপৰাধমূলক আয়ৰ অংশ বুলি উত্থাপন কৰা অভিযোগৰ কোনো বাস্তৱ ভিত্তি নাই যিহেতু তেওঁলোকে প্ৰাৰম্ভিক অৱস্থাতে অভিযোগক প্ৰমাণ কৰাত ব্যৰ্থ হৈছে ৷

তেওঁৰ পিতৃয়ে ই ডি ৰ আদেশৰ বিষয়ে সংবাদমাধ্যমৰ জৰিয়তেহে জানিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কোনো ধৰণৰ চৰকাৰী কাগজ পত্ৰ বা বিজ্ঞপ্তি প্ৰকাশ হোৱাৰ পূৰ্বেই সংবাদ মাধ্যমত এই বিষয়ে বাতৰি পৰিৱেশন হোৱাক লৈও আশ্চৰ্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:পাকিস্তানে ভাৰতীয় সেনাৰ বিপক্ষে উত্থাপন কৰা অভিযোগ খণ্ডন

ABOUT THE AUTHOR

...view details