অসম

assam

ETV Bharat / international

দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হ'ব উত্তৰ-পূৱ ভাৰত : মোডী - India's Northeast will be a gateway to southeast Asia

বিকশিত উত্তৰ-পূৱ ভাৰত দক্ষিণ-পূৱ এছিয়াৰ মূল প্ৰৱেশদ্বাৰ হ'ব বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ বেংককত 'ছাৱাছদি পিএম মোডী' অনুষ্ঠানত এই মন্তব্য মোডীৰ ৷

থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

By

Published : Nov 3, 2019, 11:22 AM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 3 নৱেম্বৰ : বিকশিত উত্তৰ-পূৱ ভাৰতক দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শনিবাৰে বেংককত 'ছাৱাছদি পিএম মোডী' (Sawasdee PM Modi) শীৰ্ষক অনুষ্ঠানত বিশাল জনগণক সম্বোধন কৰি এই মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি, থাইলেণ্ড, ম্যানমাৰ আৰু উত্তৰ-পূৱ ভাৰতক সংযোগ কৰিবৰ বাবে পৰিকল্পনা চলি থকাৰ কথা জানিবলৈ দিয়ে মোডীয়ে ৷

"আমাৰ লক্ষ্য হৈছে ম্যানমাৰক ভাৰতৰ উত্তৰ-পূৱৰ সৈতে সংযোগ কৰা ৷ দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে উত্তৰ-পূৱ ভাৰতৰ উন্নয়ন সাধন কৰা হৈছে "-এই মন্তব্য মোডীৰ ৷

যোৱা 5 বছৰৰ তেওঁৰ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মোডীয়ে মন্তব্য কৰে, "তিনি বছৰৰ ভিতৰত ভাৰতৰ প্ৰায় 8 কোটি জনতাক বিনামূলীয়া এলপিজি প্ৰদান কৰা হ'ল ৷ এই সংখ্যা থাইলেণ্ডৰ মুঠ জনসংখ্যাতকৈও বেছি ৷ তাৰোপৰি, মহাত্মা গান্ধীৰ 150 সংখ্যক জন্ম জয়ন্তীত ভাৰতক অনাময় মুক্ত হিচাপে ঘোষণা কৰা হয় ৷"

"যোৱা 5 বছৰত ভাৰতৰ প্ৰতিজন লোককে বেংক একাউন্ট খুলি দিয়াৰ লগতে বিদ্যুৎ সংযোগ প্ৰদান কৰিছো ৷ প্ৰতিটো পৰিয়ালকে পানী যোগান দিয়াৰ ওপৰত কাম কৰি থকা হৈছে ৷ 2022 চনৰ ভাৰতৰ 75 সংখ্যক স্বাধীনতা দিৱসত প্ৰতিটো দুখীয়া পৰিয়ালত এটাকৈ আৱাসগৃহ থাকিব"-মোডীৰ মন্তব্য ৷ "ভাৰতে বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদৰ পৰা মুক্ত হ'বৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে ৷" অনুচ্ছেদ 370 বাতিলকৰণ সম্পৰ্কত এনেদৰে মন্তব্য কৰাত সকলোৰে হাত চাপৰিৰে সমৰ্থন জনাই প্ৰধানমন্ত্ৰীগৰাকীক ৷

যোৱা 5 বছৰত ভাৰতলৈ বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱাৰ বাবে 2019 লোকসভা নিৰ্বাচনতো বিজেপিয়ে পুনৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল বুলি জনাই মোডীয়ে ৷ লগতে ভাৰত আৰু থাইলেণ্ডৰ শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰতো মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details