অসম

assam

ETV Bharat / international

উত্তৰ কোৰিয়াৰ দ্বাৰা Ballistic Missile নিক্ষেপ - বেলিষ্টিক মিছাইল

কোৰিয়াৰ উপদ্বীপসমূহত উদ্বেগজনক পৰিৱেশ ৷ উত্তৰ কোৰিয়াই Ballistic Missile নিক্ষেপ কৰাৰ পাচতে কোৰিয়াৰ উপদ্বীপসমূহত উদ্বেগজনক পৰিৱেশৰ সৃষ্টি ৷ বিগত কিছুদিনৰ পৰা উত্তৰ কোৰিয়াই দৃঢ়ভাৱে মিছাইল পৰীক্ষা চলাই আছে বুলি দাবী দক্ষিণ কোৰিয়াৰ ৷

north korea fires ballistic missile
উত্তৰ কোৰিয়াৰ দ্বাৰা Ballistic Missile নিক্ষেপ

By

Published : Oct 20, 2021, 5:11 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ : উত্তৰ কোৰিয়াই পুনৰ এবাৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ৷ মঙলবাৰে দক্ষিণ কোৰিয়াৰ সেনাই এই কথা প্ৰকাশ কৰে ৷ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ এই উচটনিমূলক কাৰ্যৰ পাচতে কোৰিয়াৰ উপদ্বীপসমূহত উদ্বেগজনক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

উত্তৰ কোৰিয়াই নিক্ষেপ কৰা মিছাইলটো সাগৰত পৰিছে বুলি দক্ষিণ কোৰিয়াৰ সেনাই(South Korea's Military) জানিবলৈ দিছে ৷ দক্ষিণ কোৰিয়াৰ মতে, বিগত কিছুদিনৰ পৰা উত্তৰ কোৰিয়াই দৃঢ়ভাৱে মিছাইল পৰীক্ষা চলাই আছে ৷ ইয়াৰ সমান্তৰালকৈ দক্ষিণ কোৰিয়াইও এটা বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে ৷

মন কৰিবলগীয়া যে, শেহতীয়া এক বিবৃতিত কোৰিয়াৰ উপদ্বীপসমূহত উত্তেজনা বৃদ্ধি পোৱাৰ কাৰণ আমেৰিকা বুলি উত্তৰ কোৰিয়াৰ নেতাই দাবী কৰিছিল ৷ ইফালে আমেৰিকাৰ ৰাজদূতে দুয়োখন দেশৰ মাজত আলোচনাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে ৷

দক্ষিণ কোৰিয়াই দাবী কৰা মতে, অচিনাক্ত বেলিষ্টিক মিছাইলটো চিনপোৰ(SINPO) ৰ পৰা উৎক্ষেপন কৰা হৈছিল ৷ এই লৈ সেনা পূৰ্বৰ পৰাই সতৰ্ক হৈ আছিল যদিও, মিছাইলটো সমুদ্ৰত গৈ পৰে বুলি দক্ষিণ কোৰিয়াই জানিবলৈ দিছে ৷ সম্প্ৰতি দক্ষিণ কোৰিয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাসমূহে মিছাইল পৰীক্ষাৰ অনুসন্ধান কৰি আছে ৷

লগতে পঢ়ক :বাংলাদেশত মন্দিৰত কৰা আক্ৰমণৰ গৰিহণা আমেৰিকাৰ

ABOUT THE AUTHOR

...view details