অসম

assam

ETV Bharat / international

কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

পাকিস্তানত মাৰ্চ মাহৰ মাজৰ পৰাই চলি আছে লক ডাউন । কিন্তু দেশখনত বৃদ্ধি পোৱা কৰ'ণা মহামাৰী সংক্ৰমণ তথা চিকিৎসক সকলৰ সাৱধানবাণীৰ পিছতো প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰমজান উপলক্ষে মছজিদ সমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে ।

No social distancing at Eid prayers in Karachi
কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

By

Published : May 24, 2020, 7:31 PM IST

ইন্টাৰনেশ্যনেল ডেক্স,24 মেঃ সামাজিক দূৰত্ব মানি চলি যিকোনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ চৰকাৰী নিৰ্দেশনাৰ পিছতো পাকিস্তানী মুছলমান সকলে দেওবাৰে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । ইছলাম ধৰ্মালম্বী লোকসকলে বিশ্বজুৰি ৰমজানৰ শেষত তিনিদিনীয়া ঈদ-উল-ফিতৰ উদযাপন কৰে । তাৰ পৰিপ্ৰেক্ষিততে কৰাচীত 1000 তকৈও অধিক লোকে সামাজিক নামাজত অংশগ্ৰহণ কৰে ।

কৰাচীত সমূহীয়া নামাজ

উল্লেখ্য যে, পাকিস্তানত মাৰ্চ মাহৰ মাজৰ পৰাই চলি আছে লক ডাউন । কিন্তু দেশখনত বৃদ্ধি পোৱা কৰ'ণা মহামাৰী সংক্ৰমণ তথা চিকিৎসক সকলৰ সাৱধানবাণীৰ পিছতো প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰমজান উপলক্ষে মছজিদ সমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদান কৰে । এই পৰ্যন্ত পাকিস্তানক কৰ'ণা ভাইৰাছত 54,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,100 গৰাকী লোকৰ ।

কৰাচীত 1000 তকৈও অধিক লোকৰ সমূহীয়া নামাজত অংশগ্ৰহণ

জোন দেখাৰ বাৰ্ষিক বিবাদসমূহ অন্ত পেলাই পোণপ্ৰথমবাৰৰ বাবে পাকিস্তানত দেশজুৰি একে দিনতে উদযাপন কৰে ঈদ ।

লগতে পঢ়ক- চৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !

ABOUT THE AUTHOR

...view details