অসম

assam

ডোনাল্ড ট্ৰাম্প আৰু ইমৰাণ খানৰ মাজৰ বৈঠকত স্থান নাপালে কাশ্মীৰ সমস্যাই

By

Published : Jan 22, 2020, 11:40 PM IST

দাবোচত ডোনাল্ড ট্ৰাম্প আৰু ইমৰাণ খানৰ মাজত বৈঠক সম্পন্ন ৷ বৈঠকত কেৱল আফগানিস্তানত তালিবান বিষয়ক তথা আঞ্চলিক বিষয় কিছুমানৰ সন্দৰ্ভত আলোচনা হয় ৷

No mention of Kashmir in US readout of Trump, Khan meet
ডোনাল্ড ট্ৰাম্প আৰু ইমৰাণ খানৰ মাজৰ বৈঠকত স্থান নাপালে কাশ্মীৰ সমস্যাই

ইন্টাৰনেশ্যনেল ডেস্ক, 22 জানুৱাৰীঃমাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উল্লেখ কৰে যে কাশ্মীৰ সম্পৰ্কত তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগতে আলোচনা কৰি আছে ৷ কিন্তু আমেৰিকাৰ চৰকাৰী পাঠপত্ৰত এই বিষয়ে একো উল্লেখ নাই ৷

মঙলবাৰে ডাভোচত হোৱা এক বৈঠকত কেৱল আফগানিস্তানত তালিবান বিষয়ক তথা আঞ্চলিক বিষয় কিছুমানৰ সন্দৰ্ভতহে আলোচনা হয় ৷ হোৱাইট হাউচৰ এখন প্ৰতিলেখন অনুসৰি এই বৈঠকত প্ৰথমতে ট্ৰাম্পে কয় যে ‘আমি কাশ্মীৰ সম্পৰ্কত পাকিস্তান আৰু ভাৰতৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা হৈ আছে ৷ লগতে কয় যে যদি কিবা এই ক্ষেত্ৰত সহায় কৰিব পাৰো তেন্তে নিশ্চয় কৰিবলৈ সাজু আমেৰিকা’ ৷

ট্ৰাম্পে পূৰ্বৰ তুলনাত কাশ্মীৰ সন্দৰ্ভত কিছু চালি-জাৰি চাইহে নিজৰ মতামত ব্যক্ত কৰে ৷ লগতে এই ক্ষেত্ৰত প্ৰয়োজন হ’লে সহযোগ আগবঢ়াব বুলিও উল্লেখ কৰে ৷ ট্ৰাম্পে জুলাইত এত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছিল ৷ তেওঁ ৱাশ্বিংটনত ইমৰাণ খানৰ সৈতে বৈঠকৰ আগমুহূৰ্তত দাবী কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক এই সম্পৰ্কত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ ৷ লগতে তেওঁ উল্লেখ কৰে যে জি-20 সন্মিলনৰ সময়ত মোডীয়ে এই আহ্বন জনাইছিল ৷

আনহাতে দাবোচত পাক প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকত ট্ৰাম্পে ভাৰতৰ সৈতে পাকিস্তানৰ বিবাদ মিমাংসা কৰিবলৈ অনুৰোধ জনাইছিল বুলি উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে এই দুই দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব পৰা দেশ কেৱল আমেৰিকাই আছে গতিকে পাৰ্যমানে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷

আনহাতে ট্ৰাম্প আৰু ইমৰাণ খানৰ মাজৰ বৈঠকৰ মূল বিষয় কিন্তু আফগানিস্তান সম্পৰ্কত আছিল ৷ তালিবানৰ লগতে বুজাবুজিয়েই এই বৈঠকৰ মূল বিষয়বস্তু আছিল ৷

আৰু পঢ়কঃইৰাণ আমেৰিকাৰ মাজত অচলাৱস্থাঃ তীক্ষ্ণ কূটনীতিয়ে বৃহৎ সংকটৰ পৰা ৰক্ষা কৰিলে

ABOUT THE AUTHOR

...view details