অসম

assam

ETV Bharat / international

ম্যানমাৰৰ ৰাজ্যিৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হ'ল আং চান চু কী

ম্যানমাৰৰ হাউচ অব ৰিপেজেন্টতেটিভ ( নিম্ন সদন) ৰ এখন আসনৰ বাবে নিৰ্বাচিত হ'ল নেশ্যনেল লিগ ফৰ ডেমক্ৰেচীৰ চেয়াৰমেন আং চান চু কী ৷ ইয়াৰ লগে লগে আং চান চু কী হ'ল ম্যানমাৰৰ ৰাজ্যিৰ কাউন্সিলৰ ৷

NLD's Aung San Suu Kyi wins parliamentary seat in Myanmar's general elections
ম্যানমাৰৰ ৰাজ্যিৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হ'ল আং চান চু কী

By

Published : Nov 10, 2020, 2:32 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰঃ ম্যানমাৰৰ সাধাৰণ নিৰ্বাচনত দেশখনৰ হাউচ অব ৰিপেজেন্টতেটিভ ( নিম্ন সদন) ৰ এখন আসনৰ বাবে নিৰ্বাচিত হ'ল নেশ্যনেল লিগ ফৰ ডেমক্ৰেচীৰ চেয়াৰমেন আং চান চু কী ৷ ইয়াৰ লগে লগে ম্যানমাৰৰ ৰাজ্যিৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হ'ল আং চান চু কী ৷ এই তথ্য প্ৰকাশ কৰিছে দেশখনৰ নিৰ্বাচন আয়োগে, চমুকৈ Union Election Commission (UEC) য়ে ৷

আং চান চু কী য়ে প্ৰতিদন্দ্বীতা আগবঢ়োৱা ইয়াগনৰ কমহু সমষ্টিটোত Union Solidarity and Development Party (USDP), Union Betterment Party, Phalon-Sawaw Democratic Party ৰ পৰা এজকৈ প্ৰাৰ্তীত্ব থকাৰ লগতে এজন নিদলীয় পাৰ্থীয়ে প্ৰতিদন্দ্বীতা আগবঢ়ায় ৷ নিৰ্বাচনটোত 1,117 খন আসনৰ বাবে প্ৰতিদন্দ্বীতা আগবঢ়োৱা সৰ্বমুঠ 5,639 জন পাৰ্থীৰ ভিতৰত 1,106 জন আছিল NLD, 1,106 জন USDP দলৰ পাৰ্থী ৷

লগতে পঢ়কঃযুদ্ধ বিৰতি উলংঘা কৰি পুনৰ ভাৰতক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

ABOUT THE AUTHOR

...view details