নিউজ ডেস্ক, 8 জুলাই: পুনৰ ভাৰতৰ সৈতে সীমা বিবাদক লৈ উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা নেপালৰ । মঙলবাৰে ৰক্সাওল আৰু বীৰগঞ্জৰ সংযোগী সেতুৰ ওপৰত এখন ব'ৰ্ড আঁৰি নেপালৰ সীমান্ত আৰম্ভ হোৱাৰ দাবী চুবুৰীয়া ৰাষ্ট্ৰখনৰ । অৱশ্যে এছএছবি কৰ্মীৰ হস্তক্ষেপত পিচত সেই ব'ৰ্ড আঁতৰাই দিয়া হয় ।
তথ্য মতে, নেপাল আৰক্ষীয়ে মঙলবাৰে বিহাৰৰ পূৱ চাম্পৰান জিলাৰ বীৰগঞ্জ আৰু ৰক্সাওল সংযুক্ত মৈত্ৰেয়ী (বন্ধুত্ব) সেতুৰ ওপৰত এখন ব'ৰ্ড স্থাপন কৰিছিল । ব'ৰ্ডখনত দাবী কৰা হৈছিল সেই স্থানৰ পৰা নেপালৰ সীমান্ত আৰম্ভ হোৱাৰ । যদিও সেই সেতুটোৰ উভয়তে কোনো লোকৰ বসতি নাই ।
ব'ৰ্ডত লগতে সেই স্থানৰ পৰা নেপালৰ পাৰ্ছা জিলাৰ বীৰগঞ্জ চহৰৰ সীমা আৰম্ভ হোৱাৰ কথা কোৱা হৈছিল । আনকি ব'ৰ্ডখনত নেপাল কৰ্তৃপক্ষৰ ফোন নম্বৰো প্ৰদান কৰা হৈছিল । পিচত এছএছবিৰ জোৱান সেই স্থানত উপস্থিত হোৱাৰ পাচত সেই স্থানৰ পৰা ব'ৰ্ডখন আঁতৰাই দিয়া হয় । জানিব পৰা মতে,এই স্থানতেই কোভিড-19 ত মৃত্য়ু হোৱা লোকৰ অন্তিম সংস্কাৰ কৰা হৈছিল ।