অসম

assam

নতুন বিপদে খেদিছে নেপালৰ প্ৰধানমন্ত্ৰীক, উত্থাপন হৈছে পদত্যাগৰ দাবী

By

Published : Jul 2, 2020, 8:46 PM IST

নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাৰ পদত্যাগৰ দাবী নেপালৰ সদনত অধিক শক্তিশালী হৈ পৰিছে ৷ নেপালৰ ষ্টেণ্ডিং কমিটীৰ 44 গৰাকী সদস্যৰ ভিতৰত 31 গৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ঠিয় দিছে ৷

নতুন বিপদে খেদিছে নেপালৰ প্ৰধানমন্ত্ৰীক, উত্থাপন হৈছে পদত্যাগৰ দাবী
নতুন বিপদে খেদিছে নেপালৰ প্ৰধানমন্ত্ৰীক

নিউজ ডেস্ক, 2 জুলাই :নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাই দেশখনৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীক লগ কৰাৰ পৰৱৰ্তী সময়ত দেশখনৰ শাসনাধিষ্ঠিত দলটোৰ সহযোগী অধ্যক্ষ পুষ্পকমল ডাহালেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে ৷

কেপি অলি শৰ্মাই তেওঁৰ চৰকাৰক শাসনৰ পৰা ওফৰাই পেলাবলৈ নতুন দিল্লীয়ে প্ৰচেষ্টা কৰি আছে বুলি কৰা মন্তব্যৰ পিচতেই নেপালৰ শাসনাধিষ্ঠিত নেপাল কমিউনিষ্ট পাৰ্টীৰ নেতাসকলে প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰে আৰু প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি আহিবলৈ দাবী উত্থাপন কৰিছে ৷ বৃহস্পতিবাৰে অলিয়ে এই সন্দৰ্ভত নেপালৰ দেশবাসীক সম্বোধন কৰাৰ কথা আছিল, কিন্তু তাৰ পূৰ্বেই তেওঁক নতুন বিপদে আৱৰি ধৰে ৷ ইতিমধ্যে কেপি অলি শৰ্মাৰ পদত্যাগৰ দাবী অধিক সজোৰে নেপালৰ সদনত উত্থাপন হয় ৷

নেপাল চৰকাৰৰ ষ্টেণ্ডিং কমিটীৰ 44 গৰাকী সদস্যৰ ভিতৰত 31গৰাকীয়ে প্ৰধানমন্ত্ৰী অলি শৰ্মাৰ পদত্য়াগৰ দাবী উত্থাপন কৰিছে ৷ নেপালৰ শাসনাধিষ্ঠিত নেপাল কমিউনিষ্ট দলৰ সহযোগী অধ্যক্ষ পুষ্পকমল ডাহালে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীক লৈ অধিক সক্ৰিয় হৈ উঠিছে ৷ ডাহালৰ নেতৃত্বত এটা দলে এই সন্দৰ্ভত বুধবাৰে জামছিখেলত গোপন আলোচনাটো মিলিত হৈছিল ৷ অলিক ক্ষমতাচ্যুত কৰিবলৈ ডাহালে অধিক শক্তিশালী নীতি তৈয়াৰ কৰি সন্তৰ্পনে আগবাঢ়িছে ৷ যাৰ ফলত এইদৰে প্ৰথম বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে ষ্টেণ্ডিং কমিটীৰ 31 গৰাকীকৈ সদস্যই ঠিয় দিছে ৷ ডাহালৰ লগতে দলটোৰ জ্য়েষ্ঠ নেতা মাধৱ নেপাল, জলনাথ খানাল আৰু বামদেব গৌতমেও প্ৰধানমন্ত্ৰী অলি শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়কঃসংকটত নেপালৰ প্ৰধানমন্ত্ৰীৰ চকী

ABOUT THE AUTHOR

...view details