অসম

assam

ভাৰতীয় টেলিভিশ্বনৰ ওপৰৰ নিষেধাজ্ঞা আংশিকভাৱে বাতিল নেপালৰ

By

Published : Jul 14, 2020, 3:55 AM IST

নেপালৰ কেবল অপাৰেটৰসকলে ভাৰতীয় নিউজ চেনেলৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আংশিকভাৱে উঠাই লৈছে ৷ নেপালে ভাৰত চৰকাৰক নেপাল তথা ইয়াৰ নেতৃত্বৰ বিৰুদ্ধে প্ৰচাৰ কৰা সংবাদৰ ওপৰত নজৰ ৰাখিবলৈ আমোলাতান্ত্ৰিক নিৰ্দেশ প্ৰদান কৰিছে ৷

ভাৰতীয় টেলিভিশ্বনৰ ওপৰৰ নিষেধাজ্ঞা আংশিকভাৱে বাতিল নেপালৰ
ভাৰতীয় টেলিভিশ্বনৰ ওপৰৰ নিষেধাজ্ঞা আংশিকভাৱে বাতিল নেপালৰ

নিউজ ডেস্ক, 14 জুলাই :ভাৰতৰ ব্যক্তিগত নিউজ চেনেলৰ ওপৰত নেপাল চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সোমবাৰে আংশিকভাৱে উঠাই লৈছে দেশখনৰ কেবল টেলিভিশ্বন অপাৰেটৰসকলে ৷ নেপালৰ কেবল অপাৰেটৰসকলে সোমবাৰে এক আলোচনাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ অৱশ্যে এতিয়াও দেশখনে সকলোবোৰ নিউজ চেনেলৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা নাই যদিও কিছুসংখ্যক চেনেলৰ ওপৰৰ পৰা নিষেধাজ্ঞা উঠাই লৈছে ৷ নেপালৰ টেলিভিশ্বন অপাৰেটৰছ এচছিয়েশ্বনৰ উপ-সভাপতি ধ্ৰুৱ শৰ্মাই সংবাদমাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিছে ৷

বিগত বৃহস্পতিবাৰে নেপালৰ কেবল অপাৰেটৰসকলে ভাৰতৰ সকলো ব্যক্তিগত নিউজ চেনেলৰ সম্পচাৰ দেশখনত বন্ধ কৰি দিছিল আৰু একমাত্ৰ দুৰদৰ্শনক দেশখনত বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত অনুমতি বাহাল ৰাখিছিল ৷ নেপালৰ ৰাষ্ট্ৰীয়তাক আঘাত দিয়াৰ বাবে এইসমূহ নিউজ চেনেলক দেশখনত নিষিদ্ধ কৰাৰ বাবে দেশখনৰ কমিউনিকেশ্বন আৰু ইনফৰমেশ্বন টেকনলজি মন্ত্ৰালয়ে কেবল অপাৰেটৰ সংস্থাক ধন্যবাদ জ্ঞাপনো কৰিছিল ৷

শুকুৰবাৰে নেপালে ভাৰতলৈ এক আমোলাতান্ত্ৰিক পত্ৰৰ দ্বাৰা নতুন দিল্লীক নেপালৰ বিৰুদ্ধে দেশৰ ব্যক্তিগত নিউজ চেনেলসমূহে সম্প্ৰচাৰ কৰি অহা বাতৰিসমূহ নিয়ন্ত্ৰণ কৰিবলৈ কৈছিল ৷

বিগত 8 মাৰ্চৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে উত্তৰাখণ্ডৰ ধাৰচুলাৰ সৈতে লিপুলেখ সংযোগী এটা 80 কিলোমিটাৰ দীঘলীয়া সামৰিক গুৰুত্ব থকা পথ উদ্বোধন কৰাৰ পিচতে নেপাল আৰু ভাৰতৰ মাজৰ শতিকাযোৰা সম্পৰ্কত সমস্যাই দেখা দিছিল ৷ নেপালে এই পথটো তেওঁলোকৰ অন্তৰ্গত বুলি উল্লেখ কৰিছিল আৰু ভাৰতে নেপালৰ এই দাবী অগ্ৰাহ্য কৰি সমগ্ৰ অঞ্চলটো ভাৰতৰ অন্তৰ্গত বুলি প্ৰকাশ কৰিছিল ৷

পৰৱৰ্তী সময়ত নেপালে সংবিধান সংশোধনৰ দ্বাৰা দেশখনৰ এক ৰাজনৈতিক নক্সা জাৰী কৰিছিল য'ত লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীক নেপালৰ অংশ হিচাপে প্ৰদৰ্শন কৰিছিল ৷ নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাই দেশখনৰ কিছুসংখ্যক নেতাই নতুন দিল্লীৰ সহযোগত তেওঁক ক্ষমতাৰ পৰা ওফৰাই দিয়াৰ ষড়যন্ত্ৰত মিলিত হৈছে বুলি উল্লেখ কৰিছিল ৷ কিন্তু নেপালৰ প্ৰধানমন্ত্ৰীৰ এই দাবীক তেওঁৰে ৰাজনৈতিক দলৰ অন্তৰ্গত বহুকেইগৰাকী শীৰ্ষ নেতা তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে অস্বীকাৰ কৰিছিল ৷

লগতে পঢ়কঃদেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা

ABOUT THE AUTHOR

...view details