ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: নেপালৰ বিনিয়োগ ব'ৰ্ডৰ বৈঠকৰ সিদ্ধান্তমৰ্মে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমলৈ আগবঢ়োৱা হৈছে এক জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম । নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
পূৰ্বে নেপালৰ বিনিয়োগ ব'ৰ্ডে হাইড্ৰ'ইলেক্ট্ৰিচিটি ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট কোম্পানী আৰু পাৱাৰ কনষ্ট্ৰাকছন অৱ চাইনা লিমিটেড, সতলুজ জলবিদ্যুৎ নিগমৰ এখন যুটীয়া উদ্যোগ প্ৰতিষ্ঠান আৰু গ্ৰীণ ৰিছ'ৰ্ছ লিমিটেড আৰু ইলেক্ট্ৰিকেল পাৱাৰ ডেভেলপমেণ্ট কোম্পানীৰ যুটীয়া উদ্যোগ প্ৰতিষ্ঠানক ৯০০ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰকল্প প্ৰদান কৰাৰ বাবে বাচনি কৰিছিল । একেধৰণে অৰুণ-৩ হাইডেল প্ৰকল্পৰ জৰিয়তে ৰেহাইৰ সময়ছোৱাত নেপালক ২১ শতাংশ বিনামূলীয়া শক্তি প্ৰদান কৰা হ'ব ।