নেশ্যনেল ডেস্ক, 9 আগষ্ট : আজিৰ পৰা 76 বছৰ পূৰ্বে 9 আগষ্টৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ(Second World War) সমাপ্তি চিহ্নিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই(United States) নিক্ষেপ পাৰমাণৱিক বোমাৰ(atomic bomb) সন্মুখীন হৈছিল জাপানৰ নাগাচাকি(Nagasaki) ৷ বিস্ফোৰণৰ ফলত জাপানৰ দক্ষিণ-পশ্চিম চহৰখনে হেৰুৱাবলগা হোৱা হাজাৰ হাজাৰ লোকক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সাজু হৈছে নাগাচাকি ৷ প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰাউণ্ড জিৰ’ৰ চাৰিওফালে নিৰ্মিত নাগাচাকি শান্তি উদ্যানকে(Nagasaki Peace Park) ধৰি বিভিন্ন স্থানত ভুক্তভোগীসকলক সন্মান জনোৱাৰ বাবে লোকসকল সমবেত হৈছে ৷
সোমবাৰে পুৱা 10:45 বজাত এটি স্মৰণিকা অনুষ্ঠান আৰম্ভ হ'ব ৷ অৱশ্যে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানত উপস্থিত হ'ব পৰা লোকৰ সংখ্যা 500 গৰাকীলৈ সীমিত কৰা হৈছে ৷ অনুষ্ঠানত সেই সময়ৰ চাক্ষুস সাক্ষী, ভুক্তভোগীৰ আত্মীয়, প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা(Yoshihide Suga) আৰু প্ৰায় ৬০ খন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব ৷
উল্লেখ্য যে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 189,163 জন ভুক্তভোগীৰ নাম সন্নিৱিষ্ট এটা স্মাৰক স্থাপন কৰা হ'ব ৷ ইয়াত যোৱা বছৰৰ পৰা যোগ দিয়া 3,202 জন লোকৰ নাম অন্তৰ্ভুক্ত আছে ৷ অংশগ্ৰহণকাৰীসকলে পুৱা 11:02 বজাত এক মিনিটৰ বাবে মৌনতা অৱলম্বন কৰিব ৷ এই সময়তেই 1945 চনৰ 9 আগষ্টত বিস্ফোৰণটো সংঘটিত হৈছিল ৷ ১৯৪৫ চনৰ ৬ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বোমাৰুৱে(a US bomber ) হিৰোছিমাত লিটল বয় নামৰ uranium fission bombটো নিক্ষেপ কৰিছিল ৷
ইয়াৰ তিনিদিন পাচতে Fat Man নামেৰে অন্য এটা বোমা নাগচাকিত নিক্ষেপ কৰা হৈছিল ৷ সোমবাৰৰ অনুষ্ঠানত নাগাচাকিৰ মেয়ৰ Taue Tomihisa ই এক শান্তিৰ বাৰ্তা ঘোষণা কৰিব ৷ তেওঁ পাৰমাণৱিক অস্ত্ৰবিহীন এখন পৃথিৱীৰ বাবে জাপান চৰকাৰক উদ্যোগ লোৱাৰ বাবে আহ্বান জনাব বুলি আশা কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰা ৰাষ্ট্ৰসংঘৰ এক চুক্তিত যোগদান কৰিবলৈও তেওঁ চৰকাৰক আহ্বান জনোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক:হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমুকি