অসম

assam

ETV Bharat / international

ম্যানমাৰত ৰাজ্যিক প্ৰশাসন পৰিষদৰ ঘোষণা সামৰিক বাহিনীৰ

প্ৰতিৰক্ষা সেৱাৰ কমাণ্ডাৰ ইন চিফৰ কাৰ্যালয়ে সংবিধানৰ ধাৰা ৪১৯ৰ অধীনত এক নতুন ১১ জনীয়া ৰাজ্যিক প্ৰশাসন পৰিষদ গঠনৰ কথা ঘোষণা কৰে । প্ৰতিৰক্ষা সেৱাৰ কমাণ্ডাৰ ইন চিফ জেনেৰেল মিন অং হালিঙকৰ অধ্যক্ষতাত পৰিষদত উপ-জ্যেষ্ঠ জেনেৰেল চ'ৱে উইনকে ধৰি আন ১০ জন সদস্য উপ-অধ্যক্ষ হিচাপে অন্তৰ্ভুক্ত আছে।

By

Published : Feb 3, 2021, 3:10 PM IST

ম্যানমাৰত ৰাজ্যিক প্ৰশাসন পৰিষদৰ ঘোষণা সামৰিক বাহিনীৰ
ম্যানমাৰত ৰাজ্যিক প্ৰশাসন পৰিষদৰ ঘোষণা সামৰিক বাহিনীৰ

নিউজ ডেস্ক,৩জানুৱাৰী:ম্য়ানমাৰত সোমবাৰে সামৰিক বাহিনীৰ এবছৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । লগতে ৰাজ্যিক শক্তি প্ৰতিৰক্ষা সেৱাৰ কমাণ্ডাৰ ইন চিফ সেন জেনেৰেল মিন অং হলিঙক হস্তান্তৰ কৰা হয় । তাৰ পিছতে প্ৰতিৰক্ষা সেৱাৰ কমাণ্ডাৰ-ইন-চিফৰ কাৰ্যালয়ে সংবিধানৰ ধাৰা ৪১৯ৰ অধীনত এক নতুন ১১ জনীয়া ৰাজ্যিক প্ৰশাসন পৰিষদ গঠনৰ কথা মঙলবাৰে ঘোষণা কৰে ।

নৱগঠিত ৰাজ্যিক প্ৰশাসন পৰিষদে নতুন কেন্দ্ৰীয় এটৰ্নি-জেনেৰেল, কেন্দ্ৰীয় অডিটৰ-জেনেৰেল, চেন্ট্ৰেল বেংক অফ ম্যানমাৰৰ গভৰ্ণৰ, প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সংৰক্ষণৰ কেন্দ্ৰীয় মন্ত্ৰী, নাগা,দানু,পাও,পালাউং,কোকাং আৰু ৱা নামৰ ছয়টা স্ব-শাসিত বিভাগ আৰু অঞ্চলত প্ৰশাসন পৰিষদৰ অধ্যক্ষ,নাই পাই তাৱ পৰিষদৰ অধ্যক্ষ, ১২ টা অঞ্চল আৰু ৰাজ্যৰ বাবে প্ৰশাসন পৰিষদৰ অধ্যক্ষৰ নিযুক্তিৰ কথাও ঘোষণা কৰে । ইফালে পৰিষদে উপ এটৰ্নি-জেনেৰেলক তেওঁৰ দায়িত্বৰ পৰা অব্য়াহতি দিয়ে ।

একেদিনাই ৰাজ্যিক প্ৰশাসন পৰিষদে কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়ৰ উপমন্ত্ৰী হিচাপে কাম কৰিবলৈ প্ৰাক্তন গৃহমন্ত্ৰী মুখ্য জেনেৰেল চ'য়ে টিণ্ট নাইঙক স্থানান্তৰ কৰে লগতে ম্যানমাৰ আৰক্ষী বাহিনীৰ মুখ্য় আৰক্ষী লেফটেনেণ্ট জেনেৰেল অং উইন উৰ অৱসৰ গ্ৰহণৰ বাবে অনুমোদন দিয়ে । ইফালে, লেফটেনেণ্ট জেনেৰেল থন হলিঙক সমকালীনভাৱে উপ গৃহমন্ত্ৰী আৰু ম্যানমাৰ আৰক্ষী বাহিনীৰ মুখ্য় বিষয়া হিচাপে নিযুক্তি দিয়ে । সংবিধান অনুসৰি পৰিষদে ছয় জনীয়া কেন্দ্ৰীয় নিৰ্বাচন সমিতিও গঠন কৰে ।

লগতে পঢ়ক:ম্যানমাৰত সামৰিক অভ্যত্থানৰ বিৰোধিতাৰে টকিঅ'ত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details