ইন্টাৰনেছনেল ডেস্ক, 22 মে’ : ম্যানমাৰৰ নিৰ্বাচন আয়োগে বিগত বৰ্ষৰ নিৰ্বাচনৰ সময়ত জালিয়াতি কৰাৰ অভিযোগত আং-চান-চ্যু-কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী (এনএলডি) দলটো ভংগ কৰাৰ ওপৰত বিবেচনা কৰি আছে।
এনএইচকে ৱৰ্ল্ড নামৰ সংবাদগোষ্ঠীটোৰ এক প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে আয়োগৰ সামৰিকভাৱে নিযুক্ত অধ্যক্ষ থেইন ছোৱে ৰাজধানী নেপিটাৱত ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা এক বৈঠকত বক্তব্য ৰাখি এনএলডি ভংগ কৰাৰ বিষয়টোৰ ওপৰত মন্তব্য কৰে।
অধ্যক্ষ গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে ,"অবৈধ পৰিকল্পনা কৰি কাম কৰা এনএলডি দলৰ ওপৰত আমি কি ব্যৱস্থাৱ হাতত ল’ম ? আমি এই দলটো ভংগ কৰা উচিত নেকি? এই বিষয় সমূহৰ ওপৰত বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে।"