অসম

assam

ETV Bharat / international

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাচতে নিহত ৩ গৰাকী আৰক্ষীসহ ১২ জন - প্ৰাক্তন সদস্যৰ কনভয়ত আক্ৰমণ

শনিবাৰে ম্যানমাৰত এক হিংসাত্মক ঘটনা সংঘটিত হয় । এম এন ডি এ এৰ আক্ৰমণত ৯ গৰাকী নাগৰিকৰ লগতে ৩ গৰাকী আৰক্ষী নিহত হোৱাৰ লগতে ৮ গৰাকী নাগৰিক আৰু ৫ গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয় ।

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাচতে হিংসাত্মক ঘটনা
ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পাচতে হিংসাত্মক ঘটনা

By

Published : Feb 6, 2021, 12:21 PM IST

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী: অশান্ত ম্যানমাৰ । সামৰিৰ অভ্যুত্থানৰ পাচতে হিংসাত্মক ঘটনা সংঘটিত হয় । ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচত এইবাৰ দেশখনত শনিবাৰে এক আক্ৰমণত নিহত হয় ১২ জনকৈ লোক । প্ৰশাসনিক অঞ্চলৰ অন্তৰ্গত এক অঞ্চলত প্ৰাক্তন সদস্যৰ কনভয়ত আক্ৰমণ । ফলত ৯ গৰাকী নাগৰিকৰ লগতে ৩ গৰাকী আৰক্ষী মুঠ ১২ গৰাকীৰ মৃত্যু হয় । প্ৰতিৰক্ষা সেৱা কাৰ্যলয়ৰ কামাণ্ডাৰ ইন চীফৰ তৰফৰ পৰা এই কথা সদৰী কৰে ।

বিবৃতি অনুসৰি,দেশখনৰ প্ৰশাসনিক কাৰ্যালয়ৰ অঞ্চলৰ অন্তৰ্গত এক অঞ্চলত প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্য ইউ খিন মাউং লুইনৰ কনভয়ত ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি চমুকৈ এম এন ডি এ এৰ ২০ জন সদস্যৰ দলে আক্ৰমণ কৰিছিল । ফলত ৯ গৰাকী নাগৰিকৰ লগতে ৩ গৰাকী আৰক্ষী নিহত হোৱাৰ লগতে ৮ গৰাকী নাগৰিক আৰু ৫ গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয় ।

উল্লেখ্য যে,আং ছান চ্যুকীৰ লগতে কেবাজনো জেষ্ঠ্য বিষয়াক আটক কৰাৰ পাচত ১ ফেব্ৰুৱাৰীৰ পৰা দেশখনত সেনাই জৰৰুৰীকলীন অৱস্থা ঘোষণা কৰে । ম্যানমাৰত যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা অন্তিমটো নিৰ্বাচনত চ্যুকীৰ দলে সন্মিলিত উচ্চ সদনৰ ৪৭৬ খন আসনৰৰ ৩৯৬ আসন দখল কৰিবলৈ সক্ষম হৈছিল । সেনা বাহিনীয়ে অভিযোগ উত্থাপন কৰিছিল যে, নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হৈছিল আৰু তেওঁলোকে এই ফলাফল মানি নলয় । যদি সংবিধানে সঠিকভাৱে কাম কৰিব নোৱাৰে তেওঁলোকে সংবিধানো প্ৰত্যাহাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল । কিন্তু দেশখনৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ এই দাবী নস্যাৎ কৰিছিল । যোৱা পাঁচটা দশক ধৰি স্বৈৰাচাৰী শাসনৰ কৰা সেনা বাহিনীয়ে এই পৰাজয় মানি ল'বলৈ কুন্ঠাবোধ কৰিছিল। যাৰ বাবে হয়তো অস্ত্ৰৰ বলেৰে পুনৰ এবাৰ দেশখনৰ ক্ষমতা দখল কৰে । দেশখনৰ এই শেহতীয়া পৰিস্থিতিয়ে বিশ্ববাসীৰ দৃষ্টি হৰণ কৰিছে ।

লগতে পঢ়ক: চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ

ABOUT THE AUTHOR

...view details