ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ জুন : শ্ৰীলংকাৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগে জনোৱা মতে কলম্বো বন্দৰৰ ওচৰৰ সাগৰত এক্স-প্ৰেছ পাৰ্ল কাৰ্গো জাহাজ জ্বলি যোৱাৰ পিছতে শ্ৰীলংকাৰ পশ্চিম উপকূলত পাঁচটা ডলফিন (Dolphin) আৰু ৩১ টা সাগৰীয় কাছৰ (sea turtles) মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
বন্যপ্ৰাণী বিভাগৰ সঞ্চালক প্ৰধান চন্দনা সূৰিয়াবান্দাৰাই কোৱা মতে মৃত কাছবোৰৰ নমুনা অধিক অনুসন্ধান বাবে চৰকাৰী বিশ্লেষকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে । চৰকাৰী বিশ্লেষক বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে সম্পূৰ্ণ অনুসন্ধানৰ বাবে এটা বিশেষ দল নিয়োগ কৰা হৈছে । এক্স-প্ৰেছ পাৰ্ল জাহাজখন (X-Press Pearl ship) ছিংগাপুৰত পঞ্জীয়ন কৰা হৈছিল আৰু ১৫ মে'ত ভাৰতৰ হাজিৰা বন্দৰৰ পৰা ২৫ টন নাইট্ৰিক এচিড আৰু আন কেইবাটাও ৰাসায়নিক পদাৰ্থ আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে ১,৪৮৬ টা কন্টেইনাৰ কঢ়িয়াই লৈ গৈছিল।