ইছলামাবাদ, 8 জুলাইঃ ক্ৰীড়াজগতৰ পৰা ৰাজনৈতিক জীৱনলৈ ঢাপলি মেলা নেতা তথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক সমালোচনা কৰাৰ লগতে পদত্যাগৰ দাবী উত্থাপন কৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ জীয়ৰী মৰিয়ম নৱাজে ৷
বেয়া দিন আহি আছে নেকি ইমৰাণ খানৰ ! - etv bharat assam
দেশখনত ইজনৰ পিচত সিজন নেতাই উত্থাপন কৰিছে ইমৰাণ খানৰ পদত্যাগৰ দাবী
ক্ৰীড়া জগতৰ অভিজ্ঞতা থকা ইমৰাণ খানৰ দেশ এখন শাসন কৰিবলৈ বৈধ অধিকাৰ নাই বুলি উল্লেখ কৰি তেওঁৰ পদত্যাগ দাবী উত্থাপন কৰে মৰিয়ম নৱাজে ৷
উল্লেখ্য যে, ক্ৰমাৎ উত্তাল হৈ পৰিছে পাকিস্তানৰ ৰাজনৈতিক জগত ৷ ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল আলী জাৰ্দাৰীক দেশখনৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ৷ ১৫০ মিলিয়ন টকাৰ এক লেনদেনত নকল টকা ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ৷ পাকিস্তানৰ ২০০৮ চনৰ পৰা ২০১৩ চনৰলৈকে ১১ সংখ্যক ৰাষ্ট্ৰপতি আছিল জাৰ্দাৰী ৷