নিউজ ডেস্ক, 9 আগষ্টঃসাধাৰণ নিৰ্বাচনত বিপুল ভোটেৰে নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাকছাই ৷ মহিন্দা ৰাজাপাকছাৰ ভাতৃ তথা দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই উত্তৰ কলম্বোৰ অন্তৰ্গত কেলানিয়াৰ এটা পবিত্ৰ ৰাজমাহ বিহাৰত নৱ নিৰ্বাচিত 74 বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ শপত গ্ৰহণৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়কঃআজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
মহিন্দা ৰাজাপাকছাই চলিত বৰ্ষৰ জুলাইত 50 বছৰীয়া সংসদীয় ৰাজনীতি সম্পূৰ্ণ কৰে ৷ 24 বছৰ বয়সতে সংসদৰ সদস্য হিচাপে মহিন্দা ৰাজাপাকছাক নিৰ্বাচন কৰা হৈছিল ৷ তেতিয়াৰ পৰা এই পৰ্যন্ত তেওঁ দুবাৰকৈ ৰাষ্ট্ৰপতি আৰু তিনিবাৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হয় ৷ মহামাৰীৰ মাজতো 5 আগষ্টত সদনত 145 খন আসনেৰে বিপুল ভোটত জয় হয় মহিন্দা ৰাজাপাকছা ৷
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে মহিন্দা ৰাজাপাক্সাৰ শপত গ্ৰহণ SLPP দলে 145 খন আসনত জয় লাভ কৰে ৷ ইয়াৰ লগতে মিত্ৰজোঁটৰ পৰা 225 জনীয়া সদনৰ দুই তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা পায় ৷ উল্লেখ্য যে, সোমবাৰলৈ কেবিনেট মন্ত্ৰী, ৰাজ্য আৰু উপ মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷