ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ :ফিজি দ্বীপত অনুভূত হৈছে ভূঁইকঁপৰ জোকাৰণি (Earthquake hit Fiji island) । শুকুৰবাৰে ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ'ল ফিজি দ্বীপৰ বিভিন্ন অঞ্চল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক বিভাগে (US Geological Survey) জনোৱা মতে ওভালৌ দ্বীপৰ লেভুকা চহৰৰ পৰা ২৩১ কিল’মিটাৰৰ পূৱত ইয়াৰ উৎপত্তিস্থল ।
অৱশ্যে ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ বিষয়ে এতিয়ালৈ কোনো তথ্য লাভ কৰা হোৱা নাই । আনহাতে চুনামিৰো সতৰ্কতা জাৰি কৰা হোৱা নাই ।