ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ জানুৱাৰী :সমগ্ৰ বিশ্বতে ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে আন এক উদ্বেগৰ খবৰ । চীনৰ য়ুহানৰ পৰা আহিছে এই উদ্বেগজনক খবৰ । য়ুহান বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ মতে ক'ভিড-১৯ ভাইৰাছৰ দৰেই নতুন কৰ'ণা ভাইৰাছ 'NeoCov' মানৱ দেহৰ কোষবোৰত প্ৰৱেশ কৰিব পাৰিব ।
গৱেষকসকলে এই নতুন ভাইৰাছক লৈ কৰা মন্তব্য ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ হোৱাৰ লগে লগে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দক্ষিণ আফ্ৰিকাৰ বাদুলিৰ দেহত ধৰা পৰিছে এই নতুন নিউক'ভ (NeoCov) ভাইৰাছ । অৱশ্যে এই ভাইৰাছ কেৱল জন্তুবোৰৰ মাজতহে বৰ্তমান সংক্ৰমণ হয় বুলি জনা যায় ।
কিন্তু এই ভাইৰাছক লৈ সতৰ্ক কৰি দিছে য়ুহানৰ বিজ্ঞানীসকলে (Yuhan scientist warns of new corona virus NeoCov)। কিয়নো তেওঁলোকৰ মতে এটা পৰিৱৰ্তন হ'লেই মানৱ দেহত প্ৰৱেশ কৰিব পাৰিব এই ভাইৰাছ ।
এক অধ্যয়নৰ মাজত গৱেষকসকলে অপ্ৰত্যাশিতভাৱে দেখিছে যে NeoCov আৰু পিডিএফ-২১৮০-CoV-য়ে প্ৰৱেশৰ বাবে কিছুমান প্ৰকাৰৰ বেট এঞ্জিওটেনচিন-ৰূপান্তৰকাৰী এনজাইম ২ আৰু কম অনুকূলভাৱে মানৱ ACE2 ব্যৱহাৰ কৰিব পাৰে । ৰিচেপ্টৰ-বাইণ্ডিং মোটিফত T510F লৈ পৰিৱৰ্তনৰ পাছত NeoCovয়ে মানৱ দেহত ACE2 হিচাপে কোষবোৰত সংক্ৰমিত হ'ব পাৰে । লক্ষণীয়ভাৱে, SARS-CoV-2 বা MERS-CoV ক লক্ষ্য কৰি এণ্টিবডীৰ দ্বাৰা সংক্ৰমণটো ক্ৰছ-নিষ্ক্ৰিয় কৰিব নোৱাৰি । ইয়াৰ অৰ্থ হৈছে যে শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা লোক বা সম্পূৰ্ণ টীকাকৰণ কৰা লোকসকলৰ দ্বাৰা দেহত উৎপন্ন হোৱা এণ্টিবডী বা প্ৰ'টিন অণুৱে NeoCovৰ পৰা সুৰক্ষা দিব নোৱাৰে ।