নেচনেল ডেস্ক, 8 জানুৱাৰী:একেৰাহে তৃতীয়টো দিনৰ বাবে এক বিশেষ ৰাজনৈতিক সন্মিলন সম্বোধন কৰি উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বাহিৰৰ বিশ্বৰ সৈতে তেওঁৰ দেশৰ সম্পৰ্ক উন্নত কৰাৰ ওপৰত আলোকপাত কৰে ৷
উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে কিমে প্ৰতিদ্বন্দী দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক সন্দৰ্ভতো পৰ্যালোচনা কৰে যদিও তেওঁ ল'ব বিচৰা পদক্ষেপ সন্দৰ্ভত কোনো ধৰণৰ বাখ্যা আগবঢ়োৱা পৰিলক্ষিত ন'হল ৷
গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যবেক্ষক সকলে পাঁচ বছৰত কিমে শাসনাধিষ্ঠ দলৰ প্ৰথম কংগ্ৰেছৰ জৰিয়তে চিওল আৰু ৱাশ্চিংটনলৈ এক মিত্ৰতাসূচক ইংগিত দিয়াটো আশা কৰিছিল ৷