অসম

assam

ETV Bharat / international

জীয়াই আছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন - বিশেষ উপদেষ্টা মুন চুং ইন

উত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাপক নেতা কিম দ্বিতীয় চুঙৰ জন্মবাৰ্ষিকীৰ দিনটোৰ পৰা অন্তৰ্ধান হৈ থকা ৰাষ্ট্ৰখনৰ প্ৰধান কিম জং উন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দক্ষিণ কোৰিয়াই ।

জীয়াই আছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন
জীয়াই আছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন

By

Published : Apr 27, 2020, 1:35 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃউত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাপক কিম দ্বিতীয় চুঙৰ জন্মবাৰ্ষিকী অৰ্থাৎ ১৫ এপ্ৰিলৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ থকা উত্তৰ কোৰিয়াৰ নেতা কিম জং উন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দক্ষিণ কোৰিয়াই । দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জাই ইনৰ এগৰাকী নিৰাপত্তা উপদেষ্টাই কিম জং উন সন্দৰ্ভত স্পষ্টীকৰণ জাৰী কৰিছে ।

জীয়াই আছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষা বিভাগৰ বিশেষ উপদেষ্টা মুন চুং ইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত প্ৰচাৰ হোৱা সকলো তথ্য পোনচাটেই নাকচ কৰি,কিম জং উন সুৰক্ষিত আৰু সুস্থ হৈ আছে বুলি প্ৰকাশ কৰিছে । চিএনএনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেওবাৰে এই কথা স্পষ্ট কৰি দিয়ে বিষয়াগৰাকীয়ে ।

বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ১৩ এপ্ৰিলৰ পৰা উত্তৰ কোৰিয়াৰ পূব প্ৰান্তৰ ৱোনচন চহৰত আছে ৰাষ্ট্ৰপ্ৰধান কিম জং উন । ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ অৱস্থা সন্দৰ্ভত কোনোধৰণৰ সন্দেহজনক গতিবিধি এতিয়ালৈকে লক্ষ্য কৰা হোৱা নাই ।

লগতে পঢ়কঃশ্ৰীলংকাত COVID-19ত আক্ৰান্ত ২৯ গৰাকী নৌ সেনা

দলীয় কৰ্মীসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰাৰ পিচত ১১ এপ্ৰিলৰ পৰা কিম জং উনক ৰাজহুৱা স্থানত প্ৰত্যক্ষ কৰা হোৱা নাছিল । ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি,শেষবাৰৰ বাবে বায়ুসেনাৰ এটা চাউনীত প্ৰত্যক্ষ কৰা হৈছিল কিমক ।

এই ঘটনাৰ পিচতে কিম জং উনক লৈ আমেৰিকাৰ চোৰাংচোৱাই বহুকেইটা তথ্য প্ৰকাশ কৰিছিল । কিম জং উনৰ স্বাস্থ্যৰ অৱস্থা অৱনমিত হোৱা বুলি খবৰ ওলাইছিল। কিমৰ এক অস্ত্ৰোপচাৰৰ পিচতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়াৰ ফালে ঢাল খোৱা বুলি প্ৰকাশ কৰিছিল আমেৰিকাই । কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই দক্ষিণ কোৰিয়াৰ নিৰাপত্তা বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্যৰ পিচতেকিম জং উন সুস্থ অৱস্থাত আছে বুলি নিশ্চিতি প্ৰদান কৰিব পাৰি । কিন্তু সন্দৰ্ভত এতিয়ালৈকে উত্তৰ কোৰিয়াই কোনো স্পষ্টীকৰণ জাৰী কৰা নাই ।

আমেৰিকাৰ 38 North নামৰ এক সংস্থাই বিগত সপ্তাহত ৱোনচন চহৰত এখন ৰেলগাড়ী দীৰ্ঘদিন ধৰি ৰৈ থকাৰ ছেটেলাইট চিত্ৰ প্ৰকাশ কৰিছিল । ৰেলগাড়ীখনে কিম সন্দৰ্ভত কোনো তথ্যৰ নিশ্চিতি নিদিয়ে যদিও সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি,কিমে দীৰ্ঘদিন ধৰি উক্ত চহৰখনত থকাৰ প্ৰমাণ প্ৰদান কৰে বুলি প্ৰকাশ কৰে ।

লগতে পঢ়কঃঅস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে উত্তৰ কোৰিয়াৰ সামৰিক কাৰ্যক্ৰম

ABOUT THE AUTHOR

...view details