31 আগষ্টলৈ বন্ধ থাকিব পাকিস্তানৰ আকাশমাৰ্গ - আকাশমাৰ্গ
বুধবাৰে এখন ‘notice to airmen(NOTAM)’ জাৰি কৰে পাকিস্তানৰ চিভিল এভিয়েচন অথৰিটীয়ে ৷
ইন্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্টঃ পাকিস্তানৰ চিভিল এভিয়েচন অথৰিটিয়ে বুধবাৰে এখন ‘notice to airmen(NOTAM)’ জাৰি কৰে ৷ এই NOTAMৰ জড়িয়তে কাৰাচী আকাশমাৰ্গৰ তিনিটা পথ 28 আগষ্টৰ পৰা 31 আগষ্টলৈ বন্ধ থাকিব বুলি জনাই পাকিস্তান চিভিল এভিয়েচন অথৰিটিয়ে ৷ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানক এই তিনিওটা পথ ব্যৱহাৰ নকৰিবলৈ পাকিস্তানে আহ্বান জনাই ৷ অৱশ্যে পাকিস্তানে এই তিনিওটা পথৰ বাহিৰে বিকল্প পথৰ প্ৰস্তাব দিছে ৷ পাকিস্তানৰ এই পদক্ষেপৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা হৈছে যে ভাৰতৰ বাবে সকলো আকাশমাৰ্গ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ উপৰিও পাকিস্তানে ভাৰতে আফগানিস্তানৰ লগত ব্যৱসায়ীক সৰ্ম্পকৰ বাবে পাকিস্তানৰ স্থলপথ ব্যৱহাৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা সম্ভাৱনা আছে ৷