ইণ্টাৰনেশ্যনেল ডেস্ক, ১ অক্টোবৰ :বিগত ১৪ ছেপ্টেম্বৰত অচিনাক্ত লোকে অপহৰণ কৰিছিল কাবুলত থকা এগৰাকী ভাৰতীয় ব্যৱসায়ীক । ভাৰতীয় ব্যৱসায়ী Bansari Lal Arendah ৰ অপহৰণক লৈ দেশত ব্যাপক চৰ্চা চলি থকাৰ মাজতে আহিছে এটা ভাল খবৰ । অপহৰণকাৰীয়ে মুকলি দিলে অপহৃত ভাৰতীয় ব্যৱসায়ীগৰাকীক ।
ইণ্ডিয়ান ৱৰ্ল্ড ফ'ৰামৰ (Indian World Forum) সভাপতি পুনিত সিং চান্ধোকে(Puneet Singh Chandhok) বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে । পুনীত সিং চান্ধোকে জানিবলৈ দিয়া মতে, ৫০ বছৰীয়া Bansari Lal Arendah ক ১৪ ছেপ্টেম্বৰত অপহৰণ কৰা হৈছিল আৰু সম্প্ৰতি তেওঁক মুকলি কৰি দিছে অপহৰণকাৰীয়ে । বৰ্তমান Bansari Lal তেওঁৰ জ্যেষ্ঠ ভাতৃ অশোক লালৰ সৈতে আছে ।