ইণ্টাৰনেশ্যনেল ডেস্ক, 14 ছেপ্তেম্বৰ : পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ বাবে সাজু হৈছে কাবুলৰ হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৷ ইতিমধ্যে বিমানবন্দৰৰ কাৰিকৰী সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়াস কৰি থকা হৈছে ৷ এই কথা জানিবলৈ দিছে এয়াৰপ’ৰ্ট ডাইৰেক্টৰ হাদী হামাদানীয়ে ৷
সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা পুনৰ মুকলি সন্দৰ্ভত মন্তব্য কৰি হাদী হামাদানীয়ে কয়, "ঘৰুৱা বিমান চলাচল ইতিমধ্যে আৰম্ভ হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচলো শীঘ্ৰে আৰম্ভ কৰা হ’ব ৷ বিমানবন্দৰৰ বাকী থকা 10-15 শতাংশ কাৰিকৰী সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰি থকা হৈছে" ৷ সোমবাৰে পুৱাই পাকিস্তানী এয়াৰলাইনৰ বিমান কাবুল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে এই মন্তব্য আগবঢ়ায় হাদী হামাদানীয়ে ৷