অসম

assam

By

Published : Oct 13, 2019, 5:01 PM IST

ETV Bharat / international

জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহ : প্ৰধানমন্ত্ৰী মোডীৰ সমবেদনা জ্ঞাপন

জাপানৰ বিধংসী হাগিবিছ ঘূৰ্ণীবতাহত মৃত্যুক সাৱটি লোৱা সকললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে প্ৰাকৃতিক দূৰ্যোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে ট'কিঅ'ৰ প্ৰস্তুতিক প্ৰশংসা আগবঢ়াই মোডীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ইন্টাৰনেশ্বনেল ডেস্ক, 13 অক্টোবৰ : জাপানৰ বিধংসী হাগিবিছ ঘূৰ্ণীবতাহত মৃত্যুক সাৱটি লোৱা সকললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে প্ৰাকৃতিক দূৰ্যোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে ট'কিঅ'ৰ প্ৰস্তুতিক প্ৰশংসা আগবঢ়াই মোডীয়ে ৷

জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহৰ ক্ষতিগ্ৰস্ত

উল্লেখ্য যে, এই বিধংসী ঘূৰ্ণীবতাহৰ ফলত 14 জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে 16 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "প্ৰতিজন ভাৰতীয়ৰ হৈ মই জাপানৰ ঘূৰ্ণীবতাহত নিহত সকললৈ সমবেদনা জ্ঞাপন কৰিছো ৷ প্ৰাকৃতিক দূৰ্যোগৰ ভয়াৱহতাৰ পৰা অতি সোনকালেই দেশখন উদ্ধাৰ হওঁক ৷"

উল্লেখ্য যে, দেশখনৰ বহুকেইটা আৱাসিক অঞ্চলৰ কাষেদি বৈ যোৱা নদীসমূহ পানীৰে উপচি পৰিছে ৷ বান আৰু গঢ়াখহনীয়াৰ কৱলত পৰা এই অঞ্চলসমূহত বৰ্তমানেও উদ্ধাৰকাৰীয়ে অভিযান চলাই আছে ৷

ABOUT THE AUTHOR

...view details