নিউজ ডেস্ক, 22 এপ্ৰিলঃ শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান জাপানৰ ৷ দেশখনৰ প্ৰধানমন্ত্ৰী চিনজো আবে সোমবাৰে ৰাজধানী টকিঅ'ত এক সংবাদমেল যোগে সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা প্ৰদান কৰে ৷
শ্ৰীলংকা বিষ্ফোৰণত নিহতৰ প্ৰতি শোকপ্ৰকাশ জাপানৰ প্ৰধানমন্ত্ৰীৰ - শ্ৰীলংকা বিস্ফোৰণক গৰিহণা জাপানৰ
21 এপ্ৰিলত অৰ্থাৎ দেওবাৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বোকে ধৰি দেশখনৰ আঠটাকৈ স্থানত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিষ্ফোৰণত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেই ৷
চিনজো আবে_সৌজন্যঃ IANS
সংবাদমেলত জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেই শ্ৰীলংকাৰ লগতে বিশ্ববাসীৰ সৈতে সন্ত্ৰাসবাদক প্ৰতিহত কৰিবলৈ কাম কৰি যাম বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, শ্ৰীলংকাত সংঘটিত বিস্ফোৰণত কাওৰী টাকাহাছী নামে এগৰাকী জাপানী মহিলাও নিহত হয় ৷ বিস্ফোৰণৰ ফলত মুঠ 30 গৰাকী বিদেশী লোক নিহত হয় ৷