ইন্টাৰনেশ্যনেল ডেস্ক, 25 নৱেম্বৰ :ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহু আৰু আবু ধাবিৰ প্ৰিন্স মহম্মদ বিন জায়েদ অল নাহয়ানক অহা বছৰৰ শান্তিৰ নবেল পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ৷ ইজৰাইলৰ চৰকাৰী কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া অনুসৰি, দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে তেওঁলোকক এই পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ৷
স্পুটনিকৰ মতে, উত্তৰ আয়াৰলেণ্ডৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানত বিশেষ ভূমিকা গ্ৰহণ কৰি 1998 চনত শান্তিৰ নবেল লাভ কৰিছিল উত্তৰ আয়াৰলেণ্ডৰ প্ৰাক্তন মন্ত্ৰী ত্ৰিম্বলেই ৷ নেতানয়াহু আৰু অল নাহয়ানৰ প্ৰাৰ্থীত্বৰ পৰ্যালোচনা কৰিব নবেল পুৰস্কাৰ সমিতিয়ে ৷
15 ছেপ্তেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইজৰাইল, বাহৰেইন আৰু আৰৱ গণৰাজ্যৰ মাজত শান্তি চুক্তিৰ ভেঁটি গঢ়িবৰ বাবে হোৱাইট হাউছত এক অনুষ্ঠানৰ সভাপতিত্ব কৰিছিল ৷ দুই উপসাগৰীয় দেশ, বাহৰেইন আৰু আৰৱ গণৰাজ্যই স্বাক্ষৰিত কৰা আব্ৰাহাম চুক্তি অনুসৰি, একমাত্ৰ আৰৱ ৰাষ্ট্ৰ হিচাপে ইজিপ্ত আৰু জৰ্ডানে ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ৷