-নিলোভা ৰয় চৌধুৰী
সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক স্থাপন আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে সংযুক্ত আৰৱ এমিৰেটছ আৰু ইজৰাইলৰ মাজত ২০২০ চনৰ ১৩ আগষ্টত স্বাক্ষৰিত আব্ৰাহাম চুক্তি পশ্চিম এছিয়াৰ পৰিস্থিতি শান্ত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰথমটো উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰিব পাৰি । ইজৰাইল আৰু আৰৱ দুয়োখন দেশৰে ঘনিষ্ঠ বন্ধু ভাৰতক এই শেহতীয়া ঘটনাৱলীয়েও পশ্চিম এছিয়াৰ উল্লেখনীয় শক্তি হ’বলৈ যথেষ্ট সম্ভাৱনা দিছে । মতভেদ থকাৰ পাছতো এক শান্তিৰ সংকল্প গ্ৰহণ কৰাটো সম্ভৱতঃ বিগত সত্তৰ দশকত আৰৱ আৰু ইজৰাইলৰ মাজত হোৱা আাটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা ।
এই চুক্তিত যথেষ্ট সম্ভাৱনা আছে । সংযুক্ত আৰৱ এমিৰেটছৰ ৰজা মহম্মদ বিন জায়েদ অল নাহায়ান আৰু ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ মাজত স্বাক্ষৰ হোৱা এই চুক্তিৰ উদ্দেশ্য আছিল অঞ্চলটোৰ সংঘাতপূৰ্ণ ৰাজনীতিৰ অৱসান ঘটোৱা । বিশেষকৈ অধিক আৰৱীয় ৰাষ্ট্ৰই ইজৰাইলক স্বীকৃতি প্ৰদান কৰাৰ লগতে ইজৰাইল আৰু পেলেষ্টাইনী কৰ্তৃপক্ষৰ মাজত কিছু পৰিমাণে আলোচনা পুনৰ আৰম্ভ কৰা হয় । অৱশ্যে পেলেষ্টাইনী ৰাষ্ট্ৰৰ সম্ভাৱনা তেনেই ক্ষীণ । ইউ এ ইৰ স্বাভাৱিক গুৰুত্বপূৰ্ণ মিত্ৰ ছৌদি আৰৱে দাবী কৰিছে যে দেশখনে অনুৰূপ চুক্তিত স্বাক্ষৰ কৰিব যদি পেলেষ্টাইনৰ স্বপন্ৱে বাস্তৱ ৰূপ লাভ কৰে । এই বিষয়ে ৰিয়াধে যথেষ্ট চিন্তা-চৰ্চা কৰিছে বুলি কোনো সন্দেহ নাই ।
কিন্তু এই চুক্তিৰ দ্বাৰা ইজৰাইলক পেলেষ্টাইনৰ বিষয়টোৰ ক্ষেত্ৰত ডি-হাইফেনেট কৰি ৰখাটো বিচৰা হৈছে । ইজিপ্ত আৰু জৰ্দানৰ সৈতে দশক পূৰ্বেই চুক্তি সম্পন্ন কৰা হৈছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ জুলাইত যেতিয়া ইজৰাইল ভ্ৰমণ কৰিছিল তেতিয়াই ভাৰতে ডি-হাইফেনেশ্বন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল । এয়া আছিল এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইজৰাইল ভ্ৰমণ । তেওঁ তেতিয়া পেলেষ্টাইন ভ্ৰমণ নকৰি ভাৰতৰ ডি-হাইফেনেশ্বন প্ৰক্ৰিয়াক প্ৰমাণ কৰিছিল । ১৯৯২ চনতে স্থাপিত ইজৰাইল আৰু ভাৰতৰ মাজৰ কূটনৈতিক সম্পৰ্কত থকা দ্ব্যৰ্থতাক ইয়াৰ জৰিয়তে নস্যাৎ কৰা হয় ।
আহ্ৰাহাম চুক্তিৰ পাছত পেলেষ্টাইনে নিজকে অকলশৰীয়া অনুভৱ কৰা হৈছে । কিয়নো পেলেষ্টাইনৰ মূল যোদ্ধাসকলে নিজকে আঁতৰাই ৰাখিছে । তেওঁলোকে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব । কিন্তু আমেৰিকাৰ সৈতে হোৱা চুক্তিক ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহুৱে আৰৱ আৰু ইজৰাইলৰ মাজত শান্তি পুনৰুদ্ধাৰ কৰাৰ বাবে বিগত ২৬ বছৰৰ ভিতৰত গ্ৰহণ কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আখ্যা দিছে যদিও পেলেষ্টাইন কৰ্তৃপক্ষই তেনে দাবীক অস্বীকাৰ কৰিছে । ইতিবাচক কথাটো হ’ল পশ্চিম উপকূলত দখল কৰিবলৈ ইজৰাইলে ইয়াৰ পৰিকল্পনা সলনি কৰিব লাগিব । এই অঞ্চল দখল কৰিবলৈ বিগত কেইবামাহৰ পৰা ইজৰাইলে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ বাবে দেশখনত অশান্তিকৰ পৰিৱেশৰ সূচনা হয় । ইয়াৰ ফলত পেলেষ্টাইনীসকল প্ৰতিবাদমুখৰ হৈ পৰে ।