নিউজ ডেস্ক, ১৫ মে': বিশ্বজুৰি চলি থকা কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই আফগানিস্তানত বিগত সপ্তাহত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ দুটাকৈ ভয়ংকৰ আক্ৰমণত নিহত হৈছিল ৫০ জনতকৈ অধিক লোক । এই কথা সদৰি কৰিছে আফগান-আমেৰিকাৰ সমন্বয়ৰ (US Special Representative for Afghan Reconciliation) বিশেষ প্ৰতিনিধি জালময় খালিলজাদে ।
বৃহস্পতিবাৰে খালিলজাদে টুইট কৰি কয় যে, ISIS-K ৰ দ্বাৰা প্ৰসূতি ৱাৰ্ডত আৰু এটা অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠাত দুটাকৈ ভয়ংকৰ কূটাঘাট মূলক ঘটনা বিগত সপ্তাহত সংঘটিত কৰা হৈছিল আফগানিস্তানত । সংবাদ তথ্য়ৰ মতে, আফগান চৰকাৰ আৰু তালিবানৰ মাজত শান্তি চুক্তি বিৰোধীতা কৰিয়ে এই কূটাঘাটমূলক আক্ৰমণ সংঘটিত কৰা হৈছে ।
ৰাজধানী চহৰ কাবুলত মঙলবাৰে প্ৰসূতি হাস্পতালত সংঘটিত হোৱা আক্ৰমণত ২৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ গৰাকীকৈ লোক আহত হৈছিল । আনহাতে পূৱ-নানগাৰহাৰত এটা অন্ত্যোষ্টিক্ৰিয়া অনুষ্ঠানক লক্ষ্য কৰি আত্মঘাতী বোমা বিস্ফোৰণ কৰা হৈছিল । য'ত ৩২ গৰাকী লোক মৃত্যু হোৱাৰ লগতে আহত হৈছিল ১০৩ গৰাকীকৈ লোক ।